...

বৰপথাৰ-কুমাৰণীছিগা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তীৰ সফল সামৰণী

বৰপথাৰ-কুমাৰণীছিগা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তীৰ সফল সামৰণী

চাইন অন ডেস্ক,১৭নৱেম্বৰ:

যোৱা ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বৰপথাৰ কুমাৰণীছিগা শাখাৰ ৰূপালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি পৰে। প্ৰথম কাৰ্যসূচী হিচাপে শাখাৰ সভানেত্ৰী ভাৰতী চক্ৰৱৰ্তী আৰু উদযাপন সমিতিৰ সভানেত্ৰী আল্পনা গগৈ ভূঞা তথা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ড০ ভাৰতী দত্ত, উপ-সভানেত্ৰী ৰেণু ফুকনকে আদি কৰি বৰপথাৰ- কুমাৰণীছিগাৰ গণ্য-মান্য ব্যক্তিসকলে পঁচিশখন পতাকাৰ উত্তোলন কৰে। ইয়াৰ পিছত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰ, প্ৰাক্তন সভানেত্ৰী তথা নাৰী শিক্ষাৰ অগ্ৰণী নেত্ৰী ড০ সুখ বৰুৱা আৰু শাখাৰ প্ৰাক্তন সভানেত্ৰী আৰতি গগৈ কোচৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শাখাৰ উপদেষ্টা ৰেণু শৰ্মা, লাৱণ্য বুঢ়াগোহাঁই, নিৰ্মলা বৰুৱা গগৈ, কাৰ্যকৰী সভানেত্ৰী জ্যোৎস্না দেৱী, দিপালী লাহন দিহিঙীয়া প্ৰমুখ্যে বিষয়ববীয়াসকলে লগতে বৰপথাৰ-কুমাৰণীছিগাৰ সমাজ জীৱনক শিক্ষা-সাহিত্য-সংস্কৃতিৰ দিশত সমৃদ্ধ কৰি যোৱা প্ৰয়াত নাৰীসমাজৰ স্মৃতিত পৰিয়ালবৰ্গৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ লগে লগে স্থানীয় মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতাৰ বাবে গঢ়ি তোলা বিপণন তথা প্ৰদৰ্শনী মেলাৰ উদ্বোধন কৰে শাখাৰ উপদেষ্টা যোগমায়া গোস্বামীয়ে। প্ৰথম দিনাৰ এটা আকৰ্ষণীয় কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে টীয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰদা গগৈয়ে। উক্ত শোভাযাত্ৰাত কেন্দ্ৰীয় সমিতি, ডিব্ৰুগড় জিলা সমিতি, বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াৰ লগতে বৰপথাৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ দলে, টাই আহোম যুৱ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থা, বৰপথাৰ আঞ্চলিকৰ বিষয়ববীয়াসকলে, বৰপথাৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যাসকলে, দিব্যজ্যোতি মইনা পাৰিজাতৰ মইনাসকলে তথা বৰপথাৰ-কুমাৰণীছিগাৰ শুভাকাংক্ষী বহুজনে অংশগ্ৰহণ কৰি অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষণ কৰে। লঘূ আহাৰ গ্ৰহণৰ পিছতে অনুষ্ঠিত হয় উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনিৰুদ্ধ দত্তৰ সঞ্চালনাৰে শাখাৰ ন-পুৰণি সদস্যা তথা স্থানীয় শুভাকাংক্ষীসকলৰ মাজত অন্তৰংগ আলাপ। সমান্তৰালভাৱে আয়োজন কৰা হয় সমাজসেৱক তৰুণ গগৈ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ উদ্বোধন কৰে উদযাপন সমিতিৰ উপ সভাপতি প্ৰদীপ কুমাৰ সন্দিকৈয়ে। সন্ধিয়া জ্যেষ্ঠশ্ৰী ডাঃ বিপিন্দ্ৰ নাথ কাকতিয়ে উদ্বোধন কৰা বৈকুণ্ঠনাথ গগৈ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত শতাধিক শিশুৱে গীত মাত নৃত্য নাট প্ৰদৰ্শন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠানৰ দ্বিতীয় দিনাৰ মুকলি সভাৰ শুভাৰম্ভণি ঘটে শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে। মুকলি সভাৰ কাৰ্যসূচীত সভানেত্ৰিত্ব কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুষ্পা গগৈয়ে। আদৰণী ভাষণ আগবঢ়াই শাখাৰ সভানেত্ৰী ভাৰতী চক্ৰৱৰ্তীয়ে। সভাৰ উদ্বোধন কৰে ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জিতু বুঢ়াগোহাঁইয়ে। মুখ্য অতিথিৰ আসন শুৱনি কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মহিলাসকলৰ সাহিত্যিক-সাংস্কৃতিক প্ৰতিভা বিকাশৰ সমান্তৰালকৈ সাংগঠনিক দিশতো সমাজক নেতৃত্ব দিয়াৰ দিশত নাৰীসকলক আগুৱাই নিয়াত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে প্ৰশংসা কৰে। ইয়াৰ পিছতে গিৰিবালা দেউৰী ভৰালী আৰু দেৱযানী তামুলীৰ সম্পাদনাত প্ৰকাশিত শাখাৰ স্মৰণিকা ‘মৈত্ৰেয়ী’ৰ উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ ভাৰতী দত্তই। শাখাৰ প্ৰতিষ্ঠাপক সম্পাদিকা তথা মুখ্য উপদেষ্টা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, সুলেখিকা আল্পনা গগৈ ভূঞাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ প্ৰতিফলনেৰে ড০ পাপৰি কটকী কোচ আৰু মীনাক্ষি গগৈ কোঁৱৰৰ সম্পাদনাত শাখাৰ পৰা কৃতজ্ঞতাৰ অৰ্ঘ্যস্বৰূপে প্ৰকাশিত ‘প্ৰজ্ঞা মালিনী আল্পনা গগৈ ভূঞা’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে। লগে লগে শাখাৰ আন এগৰাকী নিষ্ঠাবান প্ৰাক্তন সভানেত্ৰী, প্ৰবীণ অভিনেত্ৰী, সুলেখিকা, শিল্পী পেন্সনাৰ ৰেণু শৰ্মাৰ ‘প্ৰীতি সুবাসিতা শিল্পীপ্ৰাণ ৰেণু শৰ্মা’ নামেৰে ড০ পাপৰি কটকী কোচৰ মুখ্য সম্পাদনাৰে বৃহৎ কলেৱৰত ৰেণু শৰ্মাৰ সান্নিধ্য, ব্যক্তিত্ব আৰু অভিনন্দনেৰে ভৰা অভিনন্দন গ্ৰন্থখনিৰ উন্মোচন কৰি ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ জ্যোতি বৰগোহাঁইয়ে অভিনন্দিতাগৰাকীৰ জীৱনত নতুন আশা আৰু প্ৰেৰণা যোগাবৰ বাবে কৰা শাখাৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ পিছত ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক তথা বিভাগীয় প্ৰধান ড০ জয়ন্ত কুমাৰ বৰাই শাখা তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদিকা ড০ পাপৰি কটকী কোচৰ ‘৪০ ত দুকুৰি’ কাব্যগ্ৰন্থ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী দিপালী দত্ত শইকীয়াই নিৰদা গগৈৰ ‘বিয়ানাম আৰু পৰম্পৰা’, শৰৎ চন্দ্ৰ নেওগে মীনাক্ষী গগৈ কোঁৱৰৰ ‘সুপ্ত মনৰ মুক্ত আভা’ অনুভৱ গ্ৰন্থ, ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ প্ৰাতসলতা বুঢ়াগোহাঁইয়ে মীনাক্ষী ফুকনৰ ‘এপলক’ অনুগল্পৰ পুথি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰকাশন সচিব ড০ জুনু মহন্তই সদস্যা ৰত্ন ৰেণু শৰ্মাৰ ‘কাঞ্চন ফুলৰ ৰং’ উপন্যাস আৰু কেন্দ্ৰীয় সমিতিৰ উপ-সভানেত্ৰী ৰেণু ফুকনে শাখাৰ প্ৰতিষ্ঠাপক সম্পাদিকা আল্পনা গগৈ ভূঞাৰ ‘সময়ৰ সীমনাত’ প্ৰৱন্ধ গ্ৰন্থৰ উন্মোচন কৰে আৰু কেওগৰাকী উন্মোচকে এটা শাখাৰ পৰা নখনকৈ গ্ৰন্থ প্ৰকাশৰ দৰে সাহসিকতাৰ কাম কৰা বাবে লেখিকাসকলৰ লগতে প্ৰকাশক বৰপথাৰ কুমাৰণীছিগা শাখা লেখিকা সমাৰোহ সমিতিৰ ভূয়সী প্ৰশংসাসহ অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তথা শাখাৰ ৰূপালী জয়ন্তীৰ সৰ্বাংগসুন্দৰ আয়োজন দেখি প্ৰশংসাসূচক বক্তব্য আগবঢ়াই অনুবাদৰত্ন ড০ ৰঞ্জিত দত্তই। ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদিকা বিবি বড়া, ডা: মালাৰাণী দেৱী দত্ত, ডিব্ৰুগড় শাখাৰ সভানেত্ৰী সুদক্ষিণা দাস বৰদলৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰু অভিনন্দিতা দুয়োগৰাকী লৈ সম্বৰ্ধনা আগবঢ়ায়। সভাতে অসম ভিত্তিত আয়োজিত সমাজপ্ৰাণা ৰাজকুমাৰী গগৈ সোঁৱৰণী গল্পলিখা প্ৰতিযোগিতা আৰু নাট্যকাৰ জয়ন্ত কুমাৰ শৰ্মা সোঁৱৰণী নাটকৰ পাণ্ডুলিপি লিখা প্ৰতিযোগিতাৰ লগতে সমাজসেৱক তৰুণ গগৈ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছত সম্পাদিকাৰ দ্বাৰা ৰূপালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী ৰূপায়ণত সকলোধৰণেৰে সহযোগিতা আগবঢ়োৱা সদাশয় ব্যক্তি, দল- সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানৰ প্ৰতি শলাগৰ শৰাই জ্ঞাপন কৰা হয়। সভানেত্ৰীৰ মন্তব্যৰ পিছতে জাতীয় সংগীত পৰিৱেশনেৰে মুকলি সভাৰ সমগ্ৰ কাৰ্যসূচীৰ অন্ত পৰে। সন্ধিয়ালৈ নাট্যশ্ৰী অনিল শৰ্মা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে যশস্বী নাট্যকাৰ তথা অভিনেতা অসীম কুমাৰ শৰ্মাই। তাৰ পিছতে প্ৰদীপ্তপ্ৰাণ ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে কমলা বিমলা শীৰ্ষক নাটক মঞ্চস্থ কৰা হয়। ইয়াৰ পিছত প্ৰয়াত অনিল শৰ্মাৰ সংস্কৃতিৱান পৰিয়ালৰ হৈ ক্ৰমে অনাতাঁৰ কণ্ঠশিল্পী নিবেদিতা শৰ্মা বৰা আৰু মৃণাল শৰ্মাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী সবিতা শৰ্মা গোস্বামী, উদীয়মান কণ্ঠশিল্পী জোনাকী মন লগতে স্বাম্ভৱী শৰ্মা আৰু প্ৰজ্ঞা প্ৰাংগনা গোস্বামীৰ গীতৰ শৰাইৰে উপস্থিত দৰ্শকক আমোদ যোগায়। অতিথি শিল্পী মৰাণৰ আৰোহণ কৌশিক আৰু শাখাৰ বণিতা চক্ৰৱৰ্তী আৰু দেৱযানী তামুলীয়েও সুৰীয়া কণ্ঠেৰে শ্ৰোতাৰ মন হৰে। সমাজসেৱক সদা বৰুৱাৰ পুৰণি বিহু গীত পৰিৱেশনেও সন্ধিয়াটি উমাল কৰি তোলে। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চতে ৰূপালী জয়ন্তী বৰ্ষৰ সমূহ কাৰ্যসূচীত নিষ্ঠাৰে কৰ্ম সম্পাদন কৰা উপ সভাপতি শান্তনু কোচ, বেবী হাতীমূৰীয়া গগৈ প্ৰমুখ্যে বিষয়ববীয়া, সদস্যাসকলক এখনি চেলেং আৰু স্মাৰকেৰে কৃতজ্ঞতা বৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *