...

লাহোৱাল প্ৰেছ ক্লাবৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

লাহোৱাল প্ৰেছ ক্লাবৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

ডাঃ নিৰ্মল চাহেৱালালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান
সাংবাদিকতাৰ প্ৰত্যাহ্বানক লৈ গুৰুত্বপূৰ্ণ আলোচনা

চাইন অন ডেস্ক,১৭নৱেম্বৰঃ

ইচ্ছাশক্তি আৰু সাহস থাকিলে প্ৰতিকূল পৰিস্থিতিও অতিক্ৰম কৰিব পাৰি।- আজি হ’লীনেম মিউজিক চেণ্টাৰত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লাহোৱাল প্ৰেছ ক্লাবে প্ৰদান কৰা জীৱনজোৰা সাধনা বঁটা গ্ৰহণ কৰি বিশিষ্ট চিকিৎসক, সাহিত্যিক তথা ‘অসম আদিত্য’ৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল চাহেৱালাই এইদৰে কয়। ফুলাম গামোচা, চেলেং চাদৰ, জাপি, প্ৰশস্তি-পত্ৰ আৰু স্মাৰকেৰে তেওঁক এই সন্মান প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি নিজৰ জীৱন-সংগ্ৰামৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী ব্যক্ত কৰি ডাঃ নিৰ্মল চাহেৱালাই কয় যে তেওঁ কেতিয়াও চিকিৎসক হোৱাৰ সপোন দেখা নাছিল। এখন কৃষিজীৱী গাঁৱত ডাঙৰ-দীঘল হোৱা তেওঁৰ মনত আছিল এগৰাকী খেতিয়ক হোৱাৰ সপোন। গাঁৱৰ ওচৰৰ চাহ বাগিচাৰ বিশাল পৰিত্যক্ত মাটিত এদিন ট্ৰেক্টৰেৰে হাল বোৱা দৃশ্য দেখি তেওঁ নিজেও এখন ট্ৰেক্টৰ কিনি নিজৰ লগতে ওচৰ-চুবুৰীয়াৰ মাটি চহোৱাৰ সপোন দেখিছিল। সেই সপোনক বাস্তৱ ৰূপ দিবলৈ তেওঁ কৃষি বিজ্ঞান অধ্যয়ন কৰিবলৈও গৈছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ সুযোগ লাভ কৰাত জীৱনৰ গতিপথ সলনি হৈ পৰে। উল্লেখ্য যে চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোও তেওঁ সময়মতে লাভ কৰা নাছিল। গাঁৱত বাতৰি কাকত নথকাৰ বাবে নিজৰ নিৰ্বাচনৰ বিষয়ে অজ্ঞাত হৈ থকা অৱস্থাত শিৱসাগৰত থকা তেওঁৰ অধিবক্তা ককায়েকৰ জৰিয়তে খবৰটো লাভ কৰে পৰিয়ালে। পৰৱৰ্তী সময়ত পিতৃয়ে দিয়া মাত্ৰ ৪০০ টকা লৈ তেওঁ ডিব্ৰুগড়লৈ আহি নামভৰ্তিৰ অন্তিম দিনটোত কোনোমতে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হয়। অসমীয়া মাধ্যমত অধ্যয়ন কৰি অহাৰ বাবে ইংৰাজী ভাষাৰ চিকিৎসা বিজ্ঞানৰ কিতাপ আৰু পাঠদানৰ সন্মুখীন হৈ আৰম্ভণিতে তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আনকি চিকিৎসা বিজ্ঞানৰ অধ্যয়ন এৰি দিয়াৰ কথাও ভাবিছিল। কিন্তু পিতৃৰ সপোন আৰু নিজৰ দৃঢ় মনোবলৰ বাবেই তেওঁ অধ্যয়নত মনোনিৱেশ কৰে। প্ৰথম ছেমিষ্টাৰৰ পৰীক্ষাত এনাটমীত সৰ্বাধিক নম্বৰ লাভ কৰাৰ পাছতে তেওঁৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু অৱশেষত চিকিৎসক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। নিজৰ জীৱনৰ এই অভিজ্ঞতাৰ কথা উল্লেখ কৰি ডাঃ চাহেৱালাই কয় যে মাত্ৰ ৪০০ টকা আৰু ১২৫ টকাৰ ৰাষ্ট্ৰীয় বৃত্তিৰ সহায়তেই তেওঁ চিকিৎসক হোৱাৰ যাত্ৰা সম্পূৰ্ণ কৰিছিল। তেওঁ জীৱনৰ এই বঁটাটো প্ৰয়াত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাগ কৰি ল’ব বিচাৰে বুলি আৱেগিকভাৱে প্ৰকাশ কৰে। লাহোৱাল প্ৰেছ ক্লাবে আগবঢ়োৱা এই সন্মানৰ বাবে ক্লাবৰ সমূহ বিষয়ববীয়া আৰু সদস্যক তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে হ’লীনেম মিউজিক চেণ্টাৰৰ শিক্ষাৰ্থী দীপজ্যোতি দাসে বাঁহী বাদন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। ক্লাবৰ কাৰ্যকৰী সভাপতি ৰশ্মিৰেখা সাউদ কলিতাই আঁত ধৰা অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ‘বৰ্তমানৰ সাংবাদিকতাৰ সন্দৰ্ভত মুক্ত আলোচনা’ শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা-চক্ৰ। জ্যেষ্ঠ সাংবাদিক তথা অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-চক্ৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই কয় যে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কেৱল উদ্‌যাপনৰ দিন নহয়, বৰং সাংবাদিকসকলে নিজৰ কৰ্মৰাজি, ভুল-ভ্ৰান্তি, দায়বদ্ধতা আৰু ভৱিষ্যতৰ কৰণীয়সমূহ পৰ্যালোচনা কৰাৰ এক বিশেষ দিন। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউঞ্চিল স্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিততে এই দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয় বুলি উল্লেখ কৰি তেওঁ ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদ আৰু প্ৰেছ কাউঞ্চিলৰ নীতি-নিয়মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সাংবাদিকসকলক গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় যদিও এই ভূমিকা পালনৰ ক্ষেত্ৰত সাংবাদিকসকলৰ দায়িত্ব অপৰিসীম। ছপা মাধ্যমৰ পিছত বৈদ্যুতিন মাধ্যম আৰু বৰ্তমান সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰে সাংবাদিকতাৰ ক্ষেত্ৰখনত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত কোনোধৰণৰ সম্পাদনা আৰু তথ্য পৰীক্ষণ নোহোৱাকৈয়ে বাতৰি প্ৰচাৰ হোৱাৰ ফলত বহু সময়ত সমাজত বিভ্ৰান্তি, মেৰুকৰণ আৰু অপপ্ৰচাৰ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত প্ৰকৃত সত্য উদ্‌ঘাটন কৰি তথ্যৰ যথাযথ পৰীক্ষণৰ পাছতহে বাতৰি পৰিৱেশন কৰাটো প্ৰতিগৰাকী সাংবাদিকৰ প্ৰধান দায়িত্ব বুলি তেওঁ ব্যক্ত কৰে। লগতে সংবাদ মাধ্যমৰ ভাষাৰ শুদ্ধতা আৰু ব্যাকৰণৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰো প্ৰয়োজনীয়তা থকাৰ কথা উল্লেখ কৰে। আলোচনাত অংশগ্ৰহণ কৰি লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা মটক স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ দীপজয় শইকীয়াই সাংবাদিকতাৰ পৰিৱৰ্তিত ধাৰা সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংবাদ মাধ্যমৰ ক্ষেত্ৰখনতো ব্যাপক পৰিৱৰ্তন আহিছে। ছপা আৰু বৈদ্যুতিন মাধ্যমৰ পিছত সামাজিক মাধ্যমৰ প্ৰভাৱে সাংবাদিকতাৰ ক্ষেত্ৰখনক নতুন দিশলৈ লৈ গৈছে। এনে সময়ত সত্যনিষ্ঠ সাংবাদিকতাক প্ৰতিষ্ঠা কৰাৰ লগতে বাতৰিৰ তথ্য আৰু পৰিসংখ্যাৰ যথাৰ্থতা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। সাংবাদিকসকলে সমাজৰ সত্য উদ্‌ঘাটনৰ দায়িত্ব পালনৰ ক্ষেত্ৰত কোনোধৰণৰ অপ্ৰয়োজনীয় হেঁচাৰ ওচৰত নতি স্বীকাৰ কৰিব নালাগে বুলিও তেওঁ ব্যক্ত কৰে। একেদৰে সাংবাদিকৰ সুৰক্ষা আৰু স্বাধীনতা নিশ্চিত কৰাটো কেৱল সংবাদ মাধ্যমৰ নহয়, সমগ্ৰ সমাজৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। আলোচনা-চক্ৰৰ সঞ্চালক ভূষণজ্যোতি সন্দিকৈয়ে বৰ্তমানৰ সমাজ জীৱনত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ অপৰিহাৰ্যতাৰ কথা উল্লেখ কৰি কয় যে আজিৰ পৃথিৱীখনক সংবাদ মাধ্যমবিহীনভাৱে কল্পনা কৰাটো প্ৰায় অসম্ভৱ। মানুহৰ দৈনন্দিন জীৱন অনলাইন ব্যৱস্থাৰ সৈতে এনেদৰে সংপৃক্ত হৈ পৰিছে যে সামাজিক মাধ্যমৰ পৰা সাময়িকভাৱে আঁতৰি থাকিলেও মানুহৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি হয়। সেয়েহে সংবাদ মাধ্যমৰ সঠিক আৰু সুস্থ পৰিচালনাৰ বাবে সাংবাদিক, পাঠক তথা সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী—সকলোৱে নিজৰ দায়িত্ব পালন কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। আনহাতে, অনুষ্ঠানত উপস্থিত থাকি অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই তথ্যৰ শক্তি আৰু সংবাদ মাধ্যমৰ সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেওঁ কয় যে তথ্যৰ শক্তি অপৰিসীম আৰু সেই তথ্য সংগ্ৰহ, বিশ্লেষণ তথা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰৰ সময়ত তথ্যৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱৰ প্ৰতি সাংবাদিকসকল সচেতন হোৱাটো প্ৰয়োজন। ক’ভিড-১৯ মহামাৰীৰ সময়ত সংবাদ মাধ্যমে প্ৰকৃত তথ্য জনসাধাৰণৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত পালন কৰা ইতিবাচক ভূমিকাৰ বিপৰীতে সামাজিক মাধ্যমত প্ৰচাৰিত উৰাবাতৰিয়ে সৃষ্টি কৰা আতংকৰ কথাও তেওঁ উল্লেখ কৰে। বিশেষকৈ আত্মহত্যাৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰণ কৰি সংবেদনশীল আৰু দায়িত্বশীল সাংবাদিকতা কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এনে বাতৰিৰ অপ্ৰয়োজনীয় পুনৰাবৃত্তি আৰু চাঞ্চল্যকৰ পৰিৱেশনে শিশুসহ মানসিকভাৱে দুৰ্বল লোকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ সকীয়াই দিয়ে। আনহাতে, ইতিবাচক বাতৰি আৰু অনুপ্ৰেৰণাদায়ক ব্যক্তিৰ কৰ্মৰাজি প্ৰচাৰৰ জৰিয়তে সমাজত আশাবাদ আৰু সৃষ্টিশীল চিন্তাৰ পৰিৱেশ গঢ়ি তোলাতো সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি তেওঁ উল্লেখ কৰে। সামাজিক মাধ্যম আৰু ম’বাইল ফোনৰ ব্যৱহাৰ সন্দৰ্ভত ডাঃ ভূঞাই ব্যৱহাৰ, অপব্যৱহাৰ আৰু ক্ষতিকাৰক ব্যৱহাৰৰ মাজত পাৰ্থক্য নিৰূপণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ম’বাইল বা সামাজিক মাধ্যমৰ পৰা আঁতৰি থকাতকৈ ইয়াৰ যথোপযুক্ত আৰু সংযত ব্যৱহাৰ শিকোৱাটোহে অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি তেওঁ বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত এই দিশটোৰ প্ৰতি অভিভাৱক আৰু সমাজক সচেতন হ’বলৈ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, সন্মিলিত মহিলা শক্তিৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদিকা বিপ্লৱী ধাদুমীয়া, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি বিদ্যুৎ সাগৰ দত্ত আৰু বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ কাৰ্যকৰী সভাপতি যুগল বৰুৱাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰি প্ৰাক্তন সাংবাদিক তথা ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ কৰ্মচাৰী ভূৱন বৰুৱা, ডিব্ৰুগড় জিলা জনসংযোগ বিভাগৰ কৰ্মচাৰী মনোজ চেতিয়া আৰু দেৱজ্যোতি বৰা তথা প্ৰাগ নিউজৰ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক দিলীপ গগৈক লাহোৱাল প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত সন্মিলিত অসমীয়া যুৱশক্তি অসমৰ ডিব্ৰুগড়ৰ সভাপতি বিপ্লৱ গোঁহাই, ডিব্ৰুগড় জিলা আছুৰ সাংগঠনিক সম্পাদক উজ্জ্বল বৰুৱা, সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতুপন দুৱৰা, কাউঞ্চিলাৰ হেমন্ত চুতীয়া, লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্ত আৰু হ’লীনেম মিউজিক চেণ্টাৰৰ পৰিচালক তথা জনপ্ৰিয় সংগীত শিল্পী পিংকু কাশ্যপৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি আৰু ক্লাবৰ সদস্য উপস্থিত থাকে। অনুষ্ঠানৰ মাজতে সংগীত কেন্দ্ৰটোৰ শিক্ষাৰ্থী ছাউৰী গগৈ আৰু শুভ্ৰজিৎ পাইকে গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *