...

বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী সঞ্জীৱ বৰদলৈক ‘কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তী স্মৃতি বঁটা’ প্ৰদান 

বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী সঞ্জীৱ বৰদলৈক ‘কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তী স্মৃতি বঁটা’ প্ৰদান

ডিব্ৰুগড়, ১৭ নৱেম্বৰ :

ডিব্ৰুগড়ৰ পূৰ্ণানন্দ পথস্থিত অন্যতম সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক চৰ্চাৰ অনুষ্ঠান ‘জ্ঞানদায়িনী সভা’ৰ উদ্যোগত ১৫ নৱেম্বৰত  সভাৰ নিজা ভৱন (জ্ঞানদায়িনী মন্দিৰ) প্ৰাঙ্গনত অসমৰ এগৰাকী সংস্কৃতিবান উদ্যোগী পুৰুষ তথা ‘জ্ঞানদায়িনী’ৰ প্ৰতিষ্ঠাপক কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তীৰ ৫৮ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতৰ স্মৃতি দিৱসত বঁটা প্ৰদান কৰা হয়। নন্দেশ্বৰ চক্ৰৱৰ্তীৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত কৰা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু মঙ্গলাচৰণৰ পিছতে সমবেত কণ্ঠত ‘জ্ঞানদায়িনী সভা’ৰ শীৰ্ষ গীত ‘জ্ঞানদায়িনী জ্ঞানদায়িনী’ পৰিৱেশন কৰে সভাৰ ভগ্নী অনুষ্ঠান ‘জ্ঞানদায়িনী মহিলা মঞ্চ’ৰ সদস্যাসকলে। ডিব্ৰুগড়ৰ বিশিষ্ট শিক্ষাবিদ গোপাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তী আৰু মুখ্য অতিথিৰ চমু পৰিচয় দাঙি ধৰে জ্ঞানদায়িনী সভাৰ সদস্যা তথা নন্দেশ্বৰ চক্ৰৱৰ্তীৰ নাতিবোৱাৰী ড° মঞ্জু চক্ৰৱর্তীয়ে। জ্ঞানদায়িনী সভাৰ সম্পাদক প্ৰশান্ত শৰ্মাই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ সভাতেই প্ৰথমবাৰলৈ ডিব্ৰুগড়ৰ চিৰিং চাপৰি নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক, সাংস্কৃতিক কৰ্মী সঞ্জীৱ বৰদলৈক ‘কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তী স্মৃতি বঁটা’ প্ৰদান কৰা হয়। সভাত মহান পুৰুষ, কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তীৰ স্মৃতিচাৰণ কৰাৰ লগতে তেখেতৰ কৰ্মৰাজি, সমাজৰ প্ৰতি তেওঁৰ অৱদানক আলোকপাত কৰাৰ উপৰি সভাৰ মুখ্য অতিথি তথা বঁটাপ্ৰাপক সঞ্জীৱ বৰদলৈৰ সাংস্কৃতিক কৰ্মৰাজি বিশেষভাৱে আলোচিত হয়। এই সভাতেই বিখ্যাত সংগীতজ্ঞ প্ৰশান্ত বৰদলৈ আৰু বিশিষ্ট শিক্ষাবিদ শৰৎ শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত শতাধিক লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *