ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত
অসম চিকিৎসা মহাবিদ্যালয়ত NCD ক্লিনিক স্থাপন
চাইন অন ডেস্ক,১৭ নৱেম্বৰ:

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কাৰ্যসূচী (NP-NCD) কাৰ্যসূচীৰ অধীনত সাধাৰণ অসংক্ৰামক ৰোগ যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মুখ, স্তন আৰু জৰায়ু মুখৰ কৰ্কট ৰোগৰ স্ক্ৰীনিং আৰু ব্যৱস্থাপনাৰ সেৱা প্ৰদান কৰা হয়।এই কাৰ্যসূচীয়ে ৩০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকৰ জনসংখ্যা ভিত্তিক আৰু সুযোগ ভিত্তিক স্ক্ৰীনিং কৰাৰ লক্ষ্য লৈছে। এই স্ক্ৰীনিং মাধ্যমিক স্তৰৰ স্বাস্থ্য প্ৰতিষ্ঠানলৈকে সম্প্ৰসাৰিত কৰা হৈছে।অসম চিকিৎসা 
এই ক্লিনিকৰ জৰিয়তে দীৰ্ঘদিনীয়া ৰোগীসকলৰ উন্নত ব্যৱস্থাপনা নিশ্চিত কৰা হ’ব। লগতে NP-NCD কাৰ্যসূচীত Continuum of Care বজাই ৰখা হ’ব। অৰ্থাৎ ৰোগীজনে স্ক্ৰীনিংৰ পৰা আৰম্ভ কৰি চিকিৎসা আৰু ফল’আপলৈকে নিৰৱচ্ছিন্ন সেৱা লাভ কৰিব।

এই NCD ক্লিনিকে অসংক্ৰামক ৰোগৰ প্ৰতিৰোধ, আগতীয়া চিনাক্তকৰণ, স্ক্ৰীনিং আৰু ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিয়া এক বিশেষ স্বাস্থ্য সেৱা গোট হিচাপে কাম কৰিব। স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে চিনাক্ত হোৱা ৰোগীসকলে যাতে উপযুক্ত চিকিৎসা আৰু ৰেফাৰেল সহায় লাভ কৰে, সেয়া নিশ্চিত কৰাই হৈছে এই ক্লিনিকৰ মূল কাম । এই ক্লিনিক স্থাপনৰ জৰিয়তে AMCH লৈ অহা ৰোগীসকলে এতিয়া একে স্থানতে স্ক্ৰীনিং, চিকিৎসা, পৰামৰ্শ আৰু ফল’আপৰ সুবিধা লাভ কৰি অসংক্ৰামক ৰোগৰ 
আজিৰ অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, যুটীয়া সঞ্চালক, স্বাস্থ্য সেৱা, অধীক্ষক, উপ-অধীক্ষক, মেডিচিন, স্ত্ৰী ৰোগ, ENT, শল্য চিকিৎসা আৰু কমিউনিটি মেডিচিন বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ লগতে NHM ৰ DPMU গোট উপস্থিত থাকে।