সদৌ অসম ভিত্তিত সাহিত্য প্ৰতিযোগিতা
লেখনি আহ্বান
চাইন অন ডেস্ক,১৯আগষ্ট:
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বৰপথাৰ কুমাৰণীছিগা শাখাই গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰিছে সদৌ অসম ভিত্তিত দুটাকৈ সাহিত্য প্ৰতিযোগিতা। প্ৰথমটো হ’ল বৰপথাৰ কুমাৰণীছিগা অঞ্চলৰ এগৰাকী সমাজপ্ৰাণা, সু শিক্ষয়িত্ৰী ৰাজকুমাৰী গগৈ সোঁৱৰণী চুটিগল্প লিখা প্ৰতিযোগিতা। দ্বিতীয় প্ৰতিযোগিতাটো আয়োজন কৰা 

সবিশেষ জানিবৰ বাবে শাখাৰ সম্পাদিকাৰ ৯৯৫৪৭০৪৯২৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ জৰিয়তে ফলাফল ঘোষণা কৰা হ’ব আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক আগন্তুক নৱেম্বৰ মাহত হ’বলগীয়া ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত নগদধনসহ মানপত্ৰ আৰু স্মাৰকেৰে পুৰস্কৃত কৰা হ’ব। লগতে তেওঁলোকৰ লেখাসমূহ শাখাৰ মুখপত্ৰ ‘মৈত্ৰেয়ী’ত প্ৰকাশ কৰা হ’ব বুলি শাখাৰ তৰফৰ পৰা জানিবলৈ দিছে।