...

ডিব্ৰুগড়ত চিনমায়া ফাউণ্ডেচনৰ কবিতা আবৃত্তি আৰু ছবি অঁকা প্ৰতিযোগিতা

ডিব্ৰুগড়ত চিনমায়া ফাউণ্ডেচনৰ কবিতা আবৃত্তি আৰু ছবি অঁকা প্ৰতিযোগিতা

চাইন অন ডেস্ক,১৯আগষ্ট:

‘চিনমায়া ফাউণ্ডেচন, অসম’ৰ উদ্যোগত আৰু ‘An International People’s Enhancement for Peace and Harmony’ৰ ভাবধাৰাৰে ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ত কবিতা আবৃত্তি আৰু ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিচাৰক আৰু কৰ্তৃপক্ষক সন্মান জনোৱাৰ পাছত অনিন্দিতা শৰ্মাৰ এটি গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়।
অনুষ্ঠানত সমন্বয়ক প্ৰদীপ গগৈ, ৰেখাজ্যোতি মোহন, অনিন্দিতা শৰ্মা, বিপ্লৱ দাস আৰু অভিনীত ৰাজ গগৈ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে ডিব্ৰু মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপীকা ড° ৰুণুমা শৰ্মা, মামনি শৰ্মা, ৰাহুল দাস আৰু ৰাজশ্ৰী সেনাপতি গগৈয়ে।
কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত অদ্ৰিতা গগৈয়ে প্ৰথম, উপাসনা ওজাই দ্বিতীয় আৰু বিশাখা দাসে তৃতীয় স্থান লাভ কৰে। ‘খ’ শাখাত শিৱাংগী বৰবৰাই প্ৰথম, শুভাংশু দুৱৰাই দ্বিতীয় আৰু তুৰ্শান্ত কলিতাই তৃতীয় স্থান লাভ কৰে।
ইফালে ছবি অঁকা প্ৰতিযোগিতাৰ ‘ক’ শাখাত দৃষ্টি পাটোৱাৰীয়ে প্ৰথম, মিষ্টোদীপ চুতীয়াই দ্বিতীয় আৰু দৃষ্টি ডলেই তৃতীয় স্থান লাভ কৰে। ‘খ’ শাখাত অধিৰথ দেৱনাথে প্ৰথম, শিৱাংগী বৰবৰাই দ্বিতীয় আৰু অয়ন হাৰ্দিক তৃতীয় স্থান লাভ কৰে।
প্ৰতিযোগিতাৰ পৰা ‘টপ টেন’ প্ৰতিযোগী বাছনি কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে চিনমায়া ফাউণ্ডেচনৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়। ফাউণ্ডেচনৰ ৰাষ্ট্ৰদূত তথা আহ্বায়িকা-সম্পাদিকা ৰাজশ্ৰী সেনাপতি গগৈয়ে বিদ্যালয়ৰ অধ্যক্ষ বি. এম. নাইডু আৰু বিদ্যালয় কৰ্তৃপক্ষলৈ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *