...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘সমন্বয় সপ্তাহ ২০২৬ ‘ ৰ সফল সামৰণি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘সমন্বয় সপ্তাহ ২০২৬ ‘ ৰ সফল সামৰণি

ৰেগিং শূণ্য এক বাতাবৰণ তৈয়াৰ কৰাৰ প্ৰধান উদ্দ্যেশ্য

চাইন অন ডেস্ক,১৯আগষ্ট :

সপ্তাহজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ১২ আগষ্টৰ পৰা অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘সমন্বয় সপ্তাহ ২০২৬’ (Assimilation Week 2026 ) ৰ আজি সফল সামৰণি পৰে। ইয়াৰ সৈতে সংগতি ৰাখি আজি দিনৰ ১১ বজাৰ পৰা ‘ৰংঘৰ প্ৰেক্ষাগৃহত’ ত এখন সভাৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা এই সভাত আদৰণী ভাষণ প্ৰদান কৰে ছাত্ৰ পৰিক্ৰমা বিভাগৰ গুৰু প্ৰাধ্যাপক সুৰজিত বৰকটকীয়ে। এই সপ্তাহটো সফলতাৰে সম্পন্ন হোৱাত সহায়-সহযোগিতা আগবঢ়োৱা সকলো পক্ষৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি প্ৰাধ্যাপকগৰাকীয়ে কয় যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা মানি ৰেগিং শূণ্য এক বাতাবৰণ তৈয়াৰ কৰাৰ উদ্দ্যেশ্যে আয়োজন কৰা এই সমন্বয় সপ্তাহৰ যোগেদি এক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে। ভাষণ প্ৰসঙ্গত তেওঁ আৰু উল্লেখ কৰে যে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত চিনা পৰিচয় বল প্ৰয়োগেৰে কৰিব পৰা কাম নহয় — ই এক স্বতস্ফুত প্ৰক্ৰিয়া৷ নীতি নিয়ম সমুহ মানি এটা সুস্হ পৰিবেশ বৰ্তাই ৰাখিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷

ইয়াৰ পিছতে এটা ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি উপস্থিত সুধী আৰু ছাত্ৰ সমাজক আপ্ৰায়িত কৰে ইতিহাস বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী গৰিমা ভৰালীয়ে। ইয়াৰ পিছতে শিক্ষা অনুষদৰ গুৰু প্ৰাধ্যাপক মানসী গগৈয়ে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত প্ৰাধ্যাপকগৰাকীয়ে নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক উষ্ম আদৰণি জনায় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ এজন সদস্য হিচাপে নিয়ম-নীতি মানি নিজৰ শৈক্ষিক ভৱিষ্যত গঢ়ি তুলিবলৈ সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি আহ্বান জনায়।

ইয়াৰ পিছতে ভূ- বিজ্ঞান আৰু শক্তি অনুষদৰ গুৰু প্ৰাধ্যাপক তাপস কুমাৰ গোস্বামীয়ে ভাষণ প্ৰদান কৰে। হাঁ‌হি-ফূৰ্তিৰ মাজেদি অধ্যয়নত সময় দি নিজকে এগৰাকী সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ তেখেতে নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। গীত পৰিৱেশন কৰে জীৱ বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী তনয়া শইকীয়াই।

অনুস্হানটোত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশি সাৰুৱা ভাষণ প্ৰদান কৰে উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই। আত্ম-সংযম আৰু নিয়মানুবৰ্তিতাৰ মাজেদি এক সুন্দৰ ভৱিষ্যত গঢ়ি তুলিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই উপাচাৰ্যগৰাকীয়ে কয়, ‘ নিয়ম নমনা আৰু ডাঙৰক সন্মান কৰিব নজনা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেতিয়াও সুন্দৰ নহয়। শিক্ষকৰ সেৱাক শ্ৰদ্ধা জনাব জানিলেহে ছাত্ৰ সমাজৰ ভৱিষ্যত উজ্জ্বল হ’ব। ‘ তদুপৰি সকলো ভাল-বেয়া অভিজ্ঞতাক উপভোগ কৰিব পৰাকৈ এক দৃষ্টি-ভংগী গঢ়ি তুলিবলৈও শিক্ষাবিদগৰাকীয়ে ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায়।

এই সংহতি সপ্তাহৰ বঁ‌টা বিতৰণী পৰ্ব অনুষ্ঠিত হয়। পোষ্টাৰ অংকন প্ৰতিযোগিতাত ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ অনিন্দ্য আকাশ বৰুৱাই প্ৰথম, DUIET ৰ বি টেক ECE ৰ ছাত্ৰী তৃষ্ণা বৰুৱাই দ্বিতীয় আৰু DUIET ৰ Mechanical Engineering বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ ভাস্কৰ প্ৰতিম কাশ্যপে তৃতীয় স্থান লাভ কৰি বঁ‌টা লাভ কৰে।

উল্লেখ্য যে এই সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস সমূহৰ মুখ্য অধীক্ষক প্ৰাধ্যাপক দিগন্ত ভূঞাৰ ওপৰিও ছাত্ৰাবাস সমুহৰ সহযোগী অধীক্ষক ড° গৌৰি শংকৰ দাস, শিক্ষাতত্ব বিভাগৰ বিভাগীয় প্ৰধান প্ৰাধ্যাপক অসমী চলিহা আৰু উপ-পঞ্জীয়ক ( শৈক্ষিক) ড° দেৱপল্লৱ ৰাজখোৱাকে ধৰি একাংশ শিক্ষক আৰু বিষয়া-কৰ্মচাৰীও উপস্থিত থাকে। স্মৰ্তব্য যে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা মানি আয়োজন কৰা এই সম্প্ৰীতি সপ্তাহত চাইকেল ৰেলী, পোষ্টাৰ অংকন প্ৰতিযোগিতা, ৰীল আৰু ফটোগ্ৰাফিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তদুপৰি, ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ পেৰেডস্থলীত ‘সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰ’ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন বাটৰ নাটো পৰিৱেশন কৰা হয়। আজি অনুষ্ঠিত এই সভাখনৰ আতঁ‌ধৰে ‘নাৰী অধ্যয়ন কেন্দ্ৰ’ৰ সহকাৰী অধ্যাপিকা ড° বৰ্ণালী দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *