...

লাহোৱালত পুত্ৰ-নাতিৰ চৰম অত্যাচাৰ !

লাহোৱালত পুত্ৰ-নাতিৰ চৰম অত্যাচাৰ !

৯৫ বছৰীয়া আইতাই কান্দি কান্দি বিচাৰিলে মুখ্যমন্ত্ৰীৰ সহায়

চাইন অন ডেস্ক,১৯আগষ্ট:

ডিব্ৰুগড় জিলাৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত ১নং চিৰিংহোলা গাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা।পুত্ৰ বলীন গগৈ, বোৱাৰী পূণিমা আৰু নাতি দুদুৰ মানসিক-শাৰীৰিক নিৰ্যাতনত অতিষ্ঠ ৯৫ বছৰীয়া মইনা গগৈ।প্ৰতিদিনেই পৰিয়ালৰ লোকৰ অশ্লীল গালি-গালাজ, ডিঙি কাটি মাৰি পেলোৱাৰ ভাবুকি আইতা গৰাকীক।
অভিযোগ অনুসৰি, ২০ বিঘা মাটি বিক্ৰী কৰি শেষ কৰাৰ পিছতো আইতাক নিজৰ ঘৰত ৰাখিবলৈ অনিচ্ছুক পুত্ৰ।পৰিস্থিতি অসহনীয় হৈ পৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আৰু ন্যায় বিচাৰি কাতৰ আহ্বান বৃদ্ধা গৰাকীৰ।বিগত ২৭ বছৰ মাতৃক প্ৰতিপালন কৰা জীয়াৰীদ্বয়ে মাতৃৰ সুৰক্ষাৰ বাবে অৱশেষত আৰক্ষীৰ দ্বাৰস্থ হব লগীয়াত পৰে।জানিব পৰা অনুসৰি
আৰক্ষীৰ সতৰ্কবাণীৰ পিছতো অব্যাহত আছে নিৰ্যাতন।ইফালে উপায়ন্তৰ হৈ জীয়াৰীসকলে মাতৃক বৃদ্ধাশ্ৰম লৈ যোৱাৰ চিন্তা-চৰ্চা কৰিছে।

আনহাতেদি জিলা প্ৰশাসন আৰু আৰক্ষীক ঘটনাটোৰ সঠিক তদন্ত কৰি আইতাগৰাকীক নিৰাপত্তা প্ৰদানৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *