এটা এটাকৈ পোহৰলৈ আহিছে ডিব্ৰুগড় মাৰোৱাৰী হিন্দী হাইস্কুলৰ ভূমি হস্তগত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য৷ মাৰোৱাৰী এডুকেশ্যন ফাউণ্ডেশ্যনৰ পূৰ্বৰ বিষয়ববীয়াই কিদৰে শ্ৰীঅগ্ৰসেন একাডেমীৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা স্বীকৃতিভূক্ত কৰা হৈছিল সেই তথ্যও ইতিমধ্যে পোহৰলৈ আহিছে৷ কালি মাৰোৱাৰী এডুকেশ্যন ফাউণ্ডেশ্যনৰ সম্পাদক পদৰ পৰা মহাবীৰ প্ৰসাদ বাগাৰীয়াই পদত্যাগ কৰাৰ পাছতে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰা এজাহাৰত উন্মোচিত হৈছে চিবিএছই স্বীকৃতি লাভ কৰাৰ বাবে নথি জালিয়াতি কৰাৰ তথ্য৷ ডিব্ৰুগড় সদৰ থানাত দাখিল কৰা এজাহাৰখনত মহাবীৰ প্ৰসাদ বাগাৰীয়াই প্ৰকাশ কৰামতে, ২০০৬ চনত শ্ৰীঅগ্ৰসেন একাডেমীয়ে চিবিএছইৰ প্ৰাথমিক স্বীকৃতিৰ বাবে আবেদন জনাইছিল৷ চিবিএছইৰ গাইডলাইন অনুসৰি কোনো বিদ্যালয়ৰ স্বীকৃতিৰ বাবে ৪ৰ পৰা ৬ বিঘা মাটিৰ প্ৰয়োজন হয়৷ অথচ বিদ্যালয়খনৰ নামত বা একচেটিয়াভাৱে উপলব্ধ ভূমিৰ পৰিমাণ আছিল মাত্ৰ ১.৫০ বিঘা। আনহাতে শ্ৰীঅগ্ৰসেন একাডেমীয়ে চিবিএছই স্বীকৃতি পোৱাৰ যোগ্যতাই নাছিল৷ কিন্তু অতি চতুৰালিৰে সেই সময়ৰ ট্ৰাষ্টৰ বিষয়ববীয়াই চিবিএছইৰ পৰিদৰ্শনকালত মাৰোৱাৰী হিন্দী হাইস্কুলৰ মাটিখিন অগ্ৰসেন একাডেমীৰ বুলি দেখোৱাই ভুৱা প্ৰতিবেদন প্ৰস্তুত কৰোৱাইছিল৷ এই সমগ্ৰ কাণ্ডত ট্ৰাষ্টৰ প্ৰাক্তন আহ্বায়ক ৰাজেন লোহিয়া জড়িত হৈ থকা বুলি স্পষ্টভাৱে উল্লেখ কৰিছে এজাহাৰত৷ ২০২২ চনৰ ১০ মাৰ্চত হোৱা ট্ৰাষ্টৰ সাধাৰণ সভাত ৰাজেন লোহিয়াই এই সন্দৰ্ভত নিজ মুখে স্বীকাৰ কৰিছিল৷ ১.৫০ বিঘা মাটি থকাৰ স্বত্বেও নিজৰ প্ৰভাৱ খটুৱাই চিবিএছই গাইডলাইন উলংঘা কৰি অগ্ৰসেন একাডেমীক চিবিএছই স্বীকৃতিভুক্ত কৰা হৈছিল৷ এই সন্দৰ্ভত ট্ৰাষ্টৰ হাতত মজুত আছে সেই বক্তব্যৰ ভিডিঅ’ ফুটেজ৷ প্ৰয়োজন হ’লে ভিডিঅ’টো সংগ্ৰহ কৰি ফৰেনচিক পৰীক্ষা কৰিবলৈ এজাহাৰত উল্লেখ কৰিছে মহাবীৰ প্ৰসাদ বাগাৰীয়াই৷ আনহাতে এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন প্ৰান্তৰৰ পৰা অভিযোগ উত্থাপন হোৱাৰ ফলত চিবিএছইয়েও নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰিছে। ফাউণ্ডেশ্যনৰ সদস্য সুধীৰ কেজৰিৱালৰ দ্বাৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰ্টেলত দাখিল কৰা অভিযোগ আৰু অধিবক্তা চাহিল কুমাৰ ঠাকুৰৰ পত্ৰৰ ভিত্তিত বৰ্তমান এই বিষয়টো চৰ্চালৈ আহিছে। মাৰোৱাৰী এডুকেশ্যন ফাউণ্ডেশ্যনে এই সমগ্ৰ কেলেংকাৰীৰ এক নিকা, স্বতন্ত্ৰ তদন্ত দাবী কৰিছে। তদন্তত দোষী সাব্যস্ত হ’লে ভাৰতীয় ন্যায় সংহিতা আৰু অন্যান্য প্ৰাসংগিক আইন অনুসৰি প্ৰৱঞ্চনা, জালিয়াতি, ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰাত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনোৱা হৈছে। ইয়াৰ লগতে ডিব্ৰুগড়ৰ জিলা আয়ুক্তকো এই সন্দৰ্ভত অৱগত কৰা হৈছে বুলি উল্লেখ কৰি এজাহাৰত৷ ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মাৰোৱাৰী হিন্দী হাইস্কুলৰ কাৰ্যকলাপক লৈ বিগত কিছুদিন ধৰি চলা চৰ্চাৰ মাজতে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অনিয়ম আৰু অভিযোগসমূহৰ সত্যতা নিৰূপণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে এখন বিশেষ তদন্ত কমিটি গঠন কৰিছে। জিলা আয়ুক্তৰ ১৭ আগষ্টৰ নিৰ্দেশনা অনুসৰি এই তদন্ত প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উন্নয়ন শাখাৰ দ্বাৰা জাৰি কৰা এক ৰাজহুৱা জাননীযোগে জনাইছে যে, বিদ্যালয়খনৰ বিষয়বস্তু আৰু ইয়াৰ সৈতে জড়িত অনিয়মসমূহৰ সন্দৰ্ভত কোনো ব্যক্তি বা দল-সংগঠনৰ হাতত যদি তথ্য বা প্ৰমাণ আছে, তেন্তে তেওঁলোকক তদন্ত কমিটিৰ সন্মুখত নিজৰ বক্তব্য ৰাখিবলৈ আহ্বান জনোৱা হৈছে। তদন্ত কমিটিয়ে এই বিষয়টোৰ স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থত ২৪ আগষ্টৰ পৰা ২৯ আগষ্টলৈ ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰিছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ মহকুমাধিপতি (সদৰ)ৰ কক্ষত হ’বলগীয়া ৰাজহুৱা শুনানিত বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ অংশগ্ৰহণ কৰিব পাৰিব৷ আগ্রহী ব্যক্তি বা পক্ষসকলে কেৱল মৌখিকভাৱেই নহয়, বৰং প্ৰাসংগিক নথিপত্ৰ বা সমৰ্থনমূলক তথ্য-পাতিসহ লিখিত বিবৃতি দাখিল কৰিব পাৰিব। কমিটিয়ে স্পষ্ট কৰি দিছে যে, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লাভ কৰা প্ৰতিটো অভিযোগ আৰু তথ্য খৰচি মাৰি পৰীক্ষা কৰা হ’ব আৰু সেই অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই তদন্ত প্ৰক্ৰিয়াই শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত চলি থকা বিতৰ্কৰ বহু তথ্য পোহৰলৈ আনিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে। স্থানীয় লোক আৰু এই বিষয়টোৰ সৈতে জড়িত প্ৰত্যক্ষদৰ্শীসকলক এই প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ প্ৰশাসনে বিশেষভাৱে অনুৰোধ জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.