সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ বৰহোলাত ব্যাপক তৎপৰতা
সমৰ্থকৰ জিন্দাবাদ ধ্বনিৰে মুখৰিত চৌদিশ
চাইন অন ডেস্ক,১০নৱেম্বৰ:
সমাগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তিতাবৰ-বৰহোলাত ক্ৰমাৎ তীব্ৰতৰ হৈছে নিৰ্বাচনী তৎপৰতা।

ইয়াৰ মাজতে আজি পুৱাই বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ ২২ নং বজালকটা সমষ্টিৰ পৰা মনোনয়ন দাখিলৰ উদ্দেশ্যে তিতাবৰলৈ ৰাওনা হয় দেৱজিৎ সোণোৱাল। সমৰ্থকৰ ব্যাপক উপস্থিতি আৰু জিন্দাবাদ ধ্বনিৰে এক উৎসৱমুখৰ
উল্লেখ্য যে, দেৱজিৎ সোণোৱালে পূৰ্বে বিজেপিৰ বৰহোলা মণ্ডলৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। ৰাজনৈতিক অভিজ্ঞতাৰে সমৃদ্ধ দেৱজিৎ সোণোৱালে ২২ নং বজালকটা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ আগবঢ়া পদক্ষেপে সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণত নতুন মাত্ৰা প্ৰদান কৰিছে।
