...

শোণিতপুৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

শোণিতপুৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিল প্ৰাৰ্থী দীনেশ মিলিৰ

বালিপৰা,১০নৱেম্বৰ:

অহা ৩০ নৱেম্বৰত অনুষ্ঠিতব্য শোণিতপুৰৰ ২৬ নং বুৰুলী মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কালি সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে সমষ্টিটোৰ ৰাইজৰ প্ৰক্ষেপিত প্ৰাৰ্থী যুৱ সমাজসেৱক , যুৱ নেতা দীনেশ মিলিয়ে । আজি পুৱা ১১:০০ বজাত তেখেতৰ বালিগাঁও মিৰিস্থিত বাসগৃহৰ পৰা সমৰ্থকসকলক লগত লৈ এক বিশাল ৰেলীৰে খনামুখ, ৰঙাজান হৈ তেজপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় । ৰেলীত অংশগ্ৰহণকাৰীসকলে দীনেশ মিলি জিন্দাবাদ, মিচিং ঐক্য জিন্দাবাদ , দীনেশ মিলি জিকিবই জিকিব আদি বিভিন্ন শ্লোগান দি প্ৰাৰ্থীগৰাকীক উৎসাহ দিয়া পৰিলক্ষিত হয় । তাৰ পাছতে প্ৰাৰ্থীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত সমষ্টিটোৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখ্য যে মিলিয়ে ইতিমধ্যে সমষ্টিটোত লাভ কৰিছে বিপুল জনসমৰ্থন । ইতিমধ্যে তেখেতে প্ৰচাৰ কাৰ্যও আৰম্ভ কৰি সমষ্টিৰ দুৰ্নীতি নিৰাময়, যুৱক-মহিলাৰ সংস্থাপনৰ বাবে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *