প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান ‘সদসি ৱৰেণ্য’
সন্মান তথা বঁটা গ্ৰহণ কৰি আৱেগ বিহ্বল হৈ উচুপি উঠিল ড° শইকীয়া
‘জাতীয় জীৱনৰ জটিল সংকটত সকলো অসমীয়াই থিয় দিব লাগিব’ আমি এক হ’লেহে জাতি থাকিব
চাইন অন ডেস্ক:
অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান ‘সদসি ৱৰেণ্যঃ’ গ্ৰহণ কৰি আৱেগবিহ্বল হৈ উচুপি উঠিল প্ৰথিতযশা সাহিত্যিক তথা মিতভাষৰ স্ৰষ্টা ড° নগেন শইকীয়া। অসম সাহিত্য সভাৰ সন্মানীয় বঁটা গ্ৰহণ কৰি দিয়া ভাষণৰ মাজতে শনিবাৰে উচুপি উঠিল ড° শইকীয়া। আৱেগিক হৈ দুচকুৰ পৰা নিগৰিল চকুলো। ডিব্ৰুগড়ৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত অসম সাহিত্য সভাই আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমীয়া মানুহৰ ইতিহাসৰ স্ৰষ্টা, অসমীয়া ভাষা সাহিত্যৰ বটবৃক্ষ স্বৰূপ অধ্যাপক ড° নগেন শইকীয়াক এই বঁটা প্ৰদান কৰিলে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। ভাষণ প্ৰসংগত ড° গোস্বামীয়ে কয়—অসমীয়া জাতিৰ প্ৰতিনিধিসকলৰ সংঘৱদ্ধ প্ৰচেষ্টাতেই গুণৱান ব্যক্তি অধ্যাপক নগেন শইকীয়াক এই সন্মান প্ৰদান কৰি সাহিত্য সভা ধন্য হৈছে ৷ ইফালে অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই অনুষ্ঠানৰ কথকতাৰ প্ৰসংগতা উল্লেখ কৰি কয়—“অসমীয়া জাতিৰ সুসন্তান ড° নগেন শইকীয়াদেৱক আজিৰ এই সন্মান প্ৰদান কৰি বিগত বছৰসমূহত তেখেতে কৰা মূল্যৱান কামসমূহক স্বীকৃতি প্ৰদান কৰা হৈছে ৷“ অনুষ্ঠানত সন্মান গ্ৰহণ কৰি প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াই আৱেগিক ভাষণ প্ৰদান কৰি কয়, মোৰ বাবে আজিৰ দিনটো আটাইতকৈ দুখ আৰু সুখৰ দিন। শাৰীৰিক অসুস্থতাৰ বাবে প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হৈছোঁ। অসম সাহিত্য সভাৰ মজিয়াত ওমলি-জামলি ডাঙৰ-দীঘল হৈছিলোঁ। আজিৰ অনুষ্ঠানটোত মই মনৰ আনন্দৰে যোগ দিব লাগিছিল, কিন্তু স্বাস্থ্যৰ অসুস্থতাৰ বাবে বঞ্চিত হ’লোঁ। জীৱনৰ বিয়লি বেলাত আপোনালোকৰ অভূতপূৰ্ব মৰম স্নেহ পালোঁ। এইবিলাকেই মোৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ হৈ থাকিব আৰু জীৱনৰ শেষ মূহুৰ্ত লৈকে সজীৱ হৈ ৰব। সাহিত্য সভা আমাৰ জাতীয় জীৱনৰ সৰ্বস্ব অনুষ্ঠান। সাহিত্য সভা যি অৱস্থাতে নাথাকক, অসমীয়া মানুহে এই অনুষ্ঠানটোক নিজৰ অনুষ্ঠান বুলি ভাবে। সেইটোৱে হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। এই অনুষ্ঠানটোক ধৰি ৰাখিছে সমগ্ৰ অসমীয়াই। যেতিয়া সাহিত্য সভাৰ কথা ভাবো, তেতিয়া বুকুৰ মাজত ধৰি ৰাখোঁ। এই ছৱিখন মনৰ মাজত জিলিকি থাকিব। মোৰ জীৱনৰ আটাইতকৈ পাহৰিব নোৱাৰা স্মৃতি হৈ থাকিব। সাম্প্ৰতিক পৰিস্থিতিক লৈয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ড০ নগেন শইকীয়াই। প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে কয় যে, আজি আমি যি সংকটৰ মাজত আছোঁ, এই সংকটৰ বিপক্ষে যদি আমি সদলবলে সমগ্ৰ জাতি থিয় দিব নোৱাৰোঁ, তেনেহ’লে হয়তো দ্বিতীয়বাৰ আগৰ অসমখন ঘূৰাই পাব নোৱাৰোঁ। এই ভয়টোৱে মোক কন্দুৱাই থাকে। এইখন ৰাজ্যক যিসকলে গঢ়ি তুলিছে, এই গোটেইবোৰে অসমীয়া মানুহ। এতিয়া উজ্বলি উঠা অসমৰ ছৱিখনত কৰবাত যেন দাগ লাগিছে। আমি নিজকে প্ৰশ্ন কৰিব লাগিব। আমি সচাকৈ এই ৰাজ্যখনক সঠিক পথত আগবঢ়াই লৈছোনে? সাহিত্য সভাই সাহিত্য কৰে, তাৰ কোনো সন্দেহ নাই। সাহিত্য সভাই সকলো জাতিক সামৰি লৈ সাহিত্য কৰিছে। সেইসকলক যদি কোনোবাই ভাগ ভাগ কৰে, তেনেহলে ইয়াক উফৰাই দিব লাগিব। জাতীয় জীৱনলৈ আহিব পৰা বাধা-বিঘিনিৰ বিপক্ষে সতৰ্ক হৈ থাকিবলৈ সকলোকে আহ্বান জনাই ড° নগেন শইকীয়াই কয়, ভাগ্য কেতিয়াবা উদয় হয়, কেতিয়াবা পৰিৱৰ্তন হয়। আমি যদি বাধাবোৰ আতৰাই দিব নোৱাৰোঁ, তেন্তে আগৰ অসমখন জাকত-জিলিকা হৈ থকা অৱস্থাত পামনে? বুলি উদ্বেগ প্ৰকাশ কৰে। একেটা ভাষণত ড° নগেন শইকীয়াই লগতে কয়, ভাষা সন্মানৰ বস্তৱেই নহয়, সংযোগৰো বস্তু। ভাষাৰ লগত থকা সকলো ভাৰতীয় ভাষাকেই কাম কৰি যাব লাগিব। আমি সকলোৱে সতৰ্ক হৈ থাকিব লাগিব।মই অসমীয়া ভাষাৰ সাধাৰণ কৰ্মী। মই নাভাবো মই এই সন্মানৰ যোগ্য। মোৰ বাবে অসমেই মাতৃ, অসমেই মোৰ ধাত্ৰী। আমি সকলোৱে অসমীয়া হিচাপে এক হৈ থাকিলেহে এখন ৰাজ্যৰ বাসিন্দা হিচাপে জিলিকি হৈ থাকিব পাৰিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ড° নগেন শইকীয়াই। উল্লেখযোগ্য যে, অসম সাহিত্য সভাৰ ‘সদসি ৱৰেণ্যঃ’ সন্মানত আছে ফুলাম গামোচা, চেলেং চাদৰ, ফুলাম জাপি, স্মাৰক, সম্বৰ্ধনা পত্ৰ, অংগবস্ত , গ্ৰন্থৰ টোপোলা আদি। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক, ডিব্ৰুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড়ৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন আদিয়ে ড° নগেন শইকীয়াক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰাপ্তিৰ বাবে সম্বৰ্ধনা জনায়। অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ কুমাৰ বৰুৱা, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডা° জি সিংঘাইয়া, লক্ষিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মুকুল বৰা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা,সাহাত্যাচাৰ্য ড° ভীমকান্ত বৰুৱা আৰু সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকা,
ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ডা° শান্তনু লহকৰ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ দাতা মহেশ চহৰীয়া প্ৰমুখ্য কৰি বহু গণ্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, প্ৰধানসম্পাদক দেৱজিৎ বৰা আৰু উপাচাৰ্য ড° জিতেন হাযৰিকাই ৷ আনহাতে মহৎ অনুষ্ঠান টোৰ শেষত এটা ৰঙা চন্দনৰ পুলি ৰোপণ কৰে আঞ্চলিক কাৰ্যালয় চৌহদত।
প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়ালৈ অসম সাহিত্য সভাই সৰ্বোচ্চ সন্মান প্ৰদান কৰা পাছতে আনুষ্ঠানিক ভাৱে অসম সাহিত্য সভা, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয় ,ডিব্ৰুগড় জিলা সাহিত্য সভা, ডিব্ৰুগড় সাহিত্য সভা, লেখিকা সংস্থা, অসম কেন্দ্ৰীয় সমিতি, ডিব্ৰুগড় জিলা সমিতি,
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় জিলা সাংবাদিক সন্থা,
অসম গণ পৰিষদ ডিব্ৰুগড় জিলা, ডিব্ৰুগড় জিলা বিজেপি, আবৃত্তি আৰু সাংস্কৃতি শাখা কুমাৰণিচিগা, জেউতি আলয়, বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতি,জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি ডিব্ৰুগড় জিলা সমিতি, কোচ ৰাজবংশী ছাত্ৰ সন্থা, আৰু সম্প্ৰীতি অসম,
শিশু সাহিত্য সমাজ অসম, ধেমাজি জিলা সাহিত্য সভা, লক্ষীমপুৰ জিলা সাহিত্য সভা, চৰাইদেউ জিলা সাহিত্য সভা, তিনিচুকীয়া জিলা সাহিত্য সভাকে ধৰি প্ৰায় শতাধিক অনুষ্ঠান সংগঠন আদি তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে
