জনজাতি বিচাৰি ডিব্ৰুগড় ৰাজপথত
টাইপাৰ বিশাল জোঁৰ সমদল
চাইন অন ডেস্ক:
জনজাতি বিচাৰি ডিব্ৰুগড় ৰাজপথ কঁপালে টাই আহোম যুৱ পৰিষদে।শনিবাৰে সন্ধ্যা ডিব্ৰুগড় মহানগৰত প্ৰায় ২০ সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ লোকক লৈ টাইপাই উত্তাল প্ৰতিবাদসাব্যস্ত কৰে। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্বশাসন প্ৰদানৰ দাবীত ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰৰ পৰা থানা চাৰিআলিলৈকে বিশাল জোঁৰ সমদল বাহিৰ কৰে। চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপ গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, বিজেপিয়ে টাই আহোমৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণা কৰিলে। ভূমিপুত্ৰ টাই আহোম জনগোষ্ঠীৰ লগত লৰা-ধেমালি বন্ধ কৰিব লাগিব। ২০২৬ৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। অন্যহাতে অসমখনৰ সুৰক্ষিত স্বাৰ্থত টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে। প্ৰয়োজনত অসমক জনজাতি ৰাজ্য প্ৰদান কৰিব লাগিব। অসমখন সুৰক্ষিত কৰিবলৈ হ’লে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব লাগিব। যিহেতু জনজাতিকৰণৰ অধিকাৰ টাই আহোমৰ প্ৰাপ্য। এই অধিকাৰৰ পৰা বিজেপি কিম্বা হিমন্ত বিশ্ব শৰ্মাই আমাক বঞ্চিত কৰিব নোৱাৰিব। টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত টাইপাৰ ডিব্ৰুগড় জিলা আৰু মহিলা পৰিষদৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত টাইপাৰ জিলা কাৰ্যকৰী সভাপতি দীপাংকৰ দুৱৰাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, আহোম জনগোষ্ঠীয়ে বাৰে বাৰে জনজাতি বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে। বিভিন্ন সময়ত আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাই অহাৰ পাছতো জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি আহিছে। এইবাৰ আমি চৰকাৰৰ ললিপপ খোৱা নহ’ব। ২৬’ৰ নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব। উল্লেখযোগ্য যে, চৌকিডিঙ্গী খেলপথাৰৰ পৰা মানকটা পথেৰে আহি থানা চাৰিআলিত প্ৰতিবাদী জোঁৰ সমদল সমাপন কৰে। এই সময়ছোৱাত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে
