...

জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত

Spread the love

জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত

দুদিনীয়া কাৰ্যসূচীৰে Pension আৰু “GPF সমাধান” কাৰ্য্যসুচী

চাইন অন ডেস্ক:

 

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা অনুষ্ঠিত হোৱা Pension আৰু “GPF SAMADHAN” শীৰ্ষক কাৰ্য্যসুচীত ডিব্ৰুগড় জিলাৰ প্ৰতিটো বিভাগৰ Pension আৰু GPF সংক্ৰান্তীয় বিভিন্ন সমস্যা সমাধান লক্ষ্যৰে Office of the AG (A&E), অসম, ARTPPG বিভাগ, অসম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত প্ৰথমটো দিনৰ কাৰ্যসূচীত AG অফিচৰ পৰা যিকোনো কাৰণত উভতাই দিয়া Pension আৰু GPF বিষয়ে মূখ্য (প্ৰধান) একাউণ্টেণ্ট জেনেৰেল Dr. Gaurav Kumar, IAAS সম্বোধন কৰি সকলোকে আস্থা প্ৰদান কৰি জনাই যে তেওঁলোকে উক্ত সমস্যাসমূহ পোনপতীয়াকৈ থিতাতে সমাধান কৰিব পাৰিব। মূখ্য (প্ৰধান) একাউণ্টেণ্ট জেনেৰেল পাছতে ডেপুটি একাউণ্টেণ্ট জেনেৰেল Snehasis Mukherjee IAAS বক্তব্য প্ৰদান কৰি কি কাৰণৰ বাবে খুঁটি ৰৈ যায় তাৰ বিষয়ে উল্লেখ কৰাৰ লগতে ইয়াৰ উচিত সমাধান সন্দৰ্ভত অৱগত কৰে। তেওঁ পাছতে অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখতাৰা আহমেদে নিজৰ ভাষণ প্ৰদান কৰে। সামৰ্থ্য বিকাশ অধিবেশনৰ(Capacity Building Session) যোগেদি GPF ৰ চূড়ান্ত পৰিশোধ প্ৰক্ৰিয়া, হিচাত-নিকাচৰ সমস্যা আৰু পেঞ্চন আবেদনৰ প্ৰক্ৰিয়া সম্বন্ধত বিতং ভাৱে অবগত কৰে। উল্লেখিত বিষয়ৰ ওপৰত সভাত উপস্থিত প্ৰধান মহাগাণনিক কাৰিযালয়ৰ জেষ্ঠ গাণনিকৰ বিষয়াসকলে পাৱাৰ পইন্ট প্ৰেজেন্টেচনৰ জৰিয়তে সবিশেষ বৰ্ণনা কৰে। সভাত উপস্থিত থাকে বিভিন্ন বিভাগৰ DDO, পেঞ্চন অনুমোদন কতৃপক্ষ, কোষাগাৰ বিষয়া, অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী আৰু অন্যান্য বিভিন্ন বিভাগৰ বিষয়া তথা সহায়কসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *