...

মাৰ্ঘেৰিটাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ

Spread the love

মাৰ্ঘেৰিটাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ

মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিবাহক সভা ও যোগদান কাৰ্যসূচী

মাৰ্ঘেৰিটা

 

 

আজি মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত ব্লক কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিবাহক সভা ও যোগদান কাৰ্যসূচী অনুস্থিত হয়। উক্ত সভাত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। নিজ পুত্ৰ প্ৰতীক বৰদলৈক লগত লৈ আগন্তুক ২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰনডংকা বজালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়। উল্লেখ্যে যে ২৬ ৰ নিৰ্বাচনত প্ৰদ্যুৎ তনয় প্ৰতীক বৰদলৈক কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিব বুলি বিভিন্ন মহলত চৰ্চা চলিছে। প্ৰদ্যুৎ বৰদলৈৰ সঘন মাৰ্ঘেৰিটা ভ্ৰমণ যে পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰা সেই কথা নকলেও হ’ব বুলি ৰাজনৈতিক ভু ৰখা মহলত চৰ্চা চলিছে। আজিৰ সভাত বিভিন্ন দল সংগঠনৰ প্ৰায় ৫ শতাধিক ব্যক্তিয়ে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰা বুলি কংগ্ৰেছ নেতৃত্বই জানিবলৈ দিছে। সাংসদ গৰাকীৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত আগন্তুক নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সন্দৰ্ভত নগাওঁৰ সাংসদ গৰাকীক প্ৰশ্ন কৰাত তেখেত এই চৰ্চা অমূলক বুলি উল্লেখ কৰাৰ লগতে নিৰ্বাচনত টিকত দিয়াটো সম্পূৰ্ণ কংগ্ৰেছ হাই কামণ্ডৰ ওপৰত বুলি উল্লেখ কৰি কয়যে মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছ দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈয়ে কাম কৰি থকা বুলি বক্তব্য প্ৰকাশ কৰে সংবাদমাধ্যমৰ আগত। অন্যহাতে বিজেপি দলৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই জনহিতাৰ্থে সেৱা অগাবঢ়োৱাত ব্যৰ্থ হোৱাৰ লগতে স্থানীয় শিক্ষিত নিবনুৱা সকলৰ ৰোজগাৰৰ কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ বাবেই আজি কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই পাঁ‌চ শতাধিক লোকে কংগ্ৰেছদলটোত যোগদান কৰিছে বুলি উল্লেখ কৰিছে। আজি কাৰ্য্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্ব, মহিলা কংগ্ৰেছ নেতৃত্বৰ লগতে বহু কেইগৰাকী দল নেত কৰ্মী উপস্থিত থাকে। মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাৰ পূৰ্বে জাগুনত অনুষ্ঠিত আন এখন দলীয় যোগদান সভাত নগাওঁৰ সাংসদ গৰাকীয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *