...

ডিব্ৰুগড় খনিকৰ পশুধন ফাৰ্মৰ কৰ্মচাৰী চেহিদুৰ ৰহমানৰ মৃত্যু

ডিব্ৰুগড় খনিকৰ পশুধন ফাৰ্মৰ কৰ্মচাৰী চেহিদুৰ ৰহমানৰ মৃত্যু

চাইন অন ডেস্ক,২৬ অক্টোবৰ:

ডিব্ৰুগড়ৰ খনিকৰত থকা পশুধন ফাৰ্মৰ ফিল্ড এচিষ্টেণ্ট, সমাজ কৰ্মী ছেহিদুৰ ৰহমানৰ যোৱা নিশা বাৰ্ধক্য জনিত কাৰণত মানকটাত থকা নিজা বাসগৃহত ৭৮ বছৰ বয়সত মৃত্যু হয়। ১৯৪৮ চনৰ ১৮ মাৰ্চত জন্ম গ্ৰহণ কৰা ৰহমানে ১৯৭০ চনত খনিকৰ পশুধন ফাৰ্মত চাকৰিত যোগদান কৰি ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে। চুবুৰীয়া চাহ বাগানৰ লগতে অঞ্চলটোৰ ৰাইজে ঘৰচীয়া জীৱ-জন্তু গৰু,মহ,গাহৰি আদিৰ বেমাৰ হলে ৰহমানকেই মাতি আনি পশুধনৰ চিকিৎসা কৰোৱায় । এগৰাকী সমাজ সেৱক হিচাপে পৰিচিত ৰহমান কেবাবছৰো মানকটা হাতীমূৰা তমতমতোলা মছজিদ কমিটিৰ সভাপতি আছিল।
মৃত্যুৰ সময়ত তেখেতে পত্নী, এগৰাকী জীয়ৰী, এক পুত্ৰ, তিনি নাতি নাতিনীৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়।আজি স্থানীয় ঠাকুৰথান কবৰ স্থানত অনেক আত্মীয়,বন্ধু বান্ধৱ আৰু গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *