চৰাইহাবি মিচিং গাঁৱত ১০ লাখ টকা ব্যয়েৰে
নিৰ্মিত ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন
চাইন অন ডেস্ক, ২৬অক্টোবৰ:
মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৩৫নং দিহিং চেঁচা সমষ্টিৰ চৰাইহাবি মিচিং গাঁৱত ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ১০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বৰিয়ে ৰাজহুৱা প্ৰেক্ষাগৃহটো উদ্বোধন কৰে।
স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে।
নৱনিৰ্মিত এই ৰাজহুৱা প্ৰেক্ষাগৃহটোৱে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান, সভা-সমিতি আৰু ৰাজহুৱা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে স্থানীয় ৰাইজৰ মাজত সামাজিক সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধ সুদৃঢ় কৰাতো প্ৰেক্ষাগৃহটোৱে সহায় কৰিব বুলি আশা কৰা হৈছে।
অনুষ্ঠানটোত মিচিং মিমাগ কেবাঙৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মূলেন্দ্ৰনাথ মিলি, সহকাৰী সম্পাদক বানীকান্ত টায়ে, টি এম এম কেৰ উপ-সভানেত্ৰী যোগমায়া টায়ে, স্থানীয় ৱাৰ্ড সদস্যা পুষ্পা পাংগিং মিলি, সমাজসেৱক পেদাই পাংগিং, বিমলা দাৰিগ আৰু দুৰ্গেশ্বৰ মিলিকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, প্ৰায় ১০ লাখ টকা ব্যয়েৰে নিৰ্মিত এই ৰাজহুৱা প্ৰেক্ষাগৃহটোৱে আগন্তুক দিনত অঞ্চলটোৰ সামাজিক আৰু সামূহিক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।