...

ডিব্ৰুগড়ত চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত

ডিব্ৰুগড়ত চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত

‘শিশুৰ দ্বীনি (ধৰ্মীয়) শিক্ষা’ বিষয়ক আলোচনা চক্ৰ

চাইন অন ডেস্ক,২৬অক্টোবৰ:

আধুনিক শিক্ষাৰ সমান্তৰালভাৱে শিশুসকলক দ্বীনি শিক্ষাৰে শিক্ষিত কৰি তোলা আৰু ধৰ্মীয় তথা নৈতিক মূল্যবোধৰ বিকাশ সাধনৰ লক্ষ্যৰে ২৪ অক্টোবৰত
ডিব্ৰুগড়ত এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ সামজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত ‘ডিব্ৰুগড় ঈদগাহ ময়দান প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত এই আলোচনা চক্ৰত চহৰখনৰ লগতে উপকণ্ঠ অঞ্চলৰ ভালে কেইখন মছজিদৰ ইমাম, পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে যোৰহাট জিলা ইমাম পৰিষদৰ সভাপতি তথা যোৰহাট কাকজান মছজিদৰ পেছ ইমাম, বিশিষ্ট আলিম মৌলানা মোছাদ্দিক হুছেইন। সভাখন সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক তথা অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ইকবাল আহমদে। বৰ্তমানৰ ব্যস্ততাপূৰ্ণ শিক্ষা ব্যৱস্থাৰ মাজত শিশুসকলক কেনেদৰে দ্বীনি অৰ্থাৎ ধৰ্মীয় শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি তাৰ বাবে মোক্তব সমূহৰ গুৰুত্ব অপৰিসীম আৰু এই ক্ষেত্ৰত অভিভাৱক, ইমাম তথা পৰিচালনা সমিতিসমূহে কেনেদৰে সমন্বিতভাৱে এই বিষয়ত আগবাঢ়ি যাব পাৰে, সেই বিষয়সমূহ আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে আৰম্ভণিতে দোৱা কৰি অনুষ্ঠানৰ সূচনা কৰে জোনাব চমিৰুদ্দিন ছমৰে। অনুষ্ঠানটিৰ পাতনি মেলি চমু ভাষণেৰে উপস্থিত সকলোকে আদৰণী জনায় চেণ্টাৰৰ সভাপতি চেহিৰ আহমেদে লগতে তেওঁ চেণ্টাৰৰ সুদীৰ্ঘ ২৭ বছৰীয়া পৰিক্ৰমাৰ এক চমু খতিয়ান দাঙি ধৰে। প্ৰস্তাৱনা আগবঢ়ায় চেণ্টাৰৰ উপসভাপতি আব্দুল খালেকে।
শিশুসকলক আধুনিক শিক্ষাৰ লগতে সুস্থ ধৰ্মীয় মূল্যবোধ আৰু নৈতিক শিক্ষাৰে শিক্ষিত কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এক ফলপ্ৰসূ কৰ্মপন্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢ়ায় অনুষ্ঠানৰ মুখ্য আলোচকে। তেখেতে ভাষণ প্ৰসংগত আৰু কয় যে, শিশুসকলক যদি দ্বিনী (ধৰ্মীয়) শিক্ষা সৰুৰে পৰা দিয়া নহয়, ডাঙৰ হ’লে শিশুটি আদৰ্শহীন হৈ কাকো নমনা হয় আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হয়। সেয়েহে ল’ৰা ছোৱালীক সৰুৰে পৰা সুশিক্ষাৰে শিক্ষিত কৰি আদৰ্শবান ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব লাগে।
সঞ্চালকৰ ভাষণত বিশিষ্ট সাংবাদিক ইকবাল আহমেদে বিজ্ঞানৰ লগত পৱিত্ৰ কোৰাণ শ্বৰীফৰ সম্পৰ্কৰ কথা উদাহৰণ সহকাৰে বুজাই দিয়াৰ লগতে বিজ্ঞান ভিত্তিক ধৰ্মীয় কথাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।অনুষ্ঠানত উপস্থিত থাকে চেন্টাৰৰ জ্যেষ্ঠতম তথা প্ৰতিস্থাপক সদস্য আব্দুল হকে।
অনুষ্ঠানত কেবাগৰাকী বক্তা তথা বিভিন্ন জামাতৰ পৰা অহা ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে আৰু তেওঁলোকে বিষয় বস্তুৰ ওপৰত বিভিন্ন দিহা- পৰামৰ্শ আগবঢ়ায়-সেই সকলৰ ভিতৰত ড০ মুহিবুল ইছলাম, মুহিবুল আহমেদ, ইমৰাণ হুছেইন,ইজাজুৰ ৰহমান, চৌকত আলি, মতি বিশ্বাস, মুহিবুল হুছেইন আদিয়ে। চেণ্টাৰৰ সম্পাদক এম হাছিম আলীয়ে সু পৰামৰ্শৰে প্ৰশ্ন উত্থাপন কৰে।
।অনুষ্ঠানৰ শেষত সদ্য প্ৰয়াত ডিব্ৰুগড় ঈদগাহ কমিটি আৰু নালিয়াপুল কবৰস্থান কমিটিৰ সভাপতি আলহজ আমানুল্লা আনচাৰি (ভানু)ৰ বিয়োগত সভাই গভীৰ শোক প্ৰকাশ কৰে লগতে তেওঁৰ বাবে দোৱা কৰাৰ লগতে আৰু বিশ্ব শান্তিৰ বাবে দোৱা-প্ৰাৰ্থনা কৰে মৌলানা মোছাদ্দিক হুছেইনে। অনুষ্ঠাটিৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় আব্দুল ছাজিদ আৰু ইমৰাণ হুচেইনে।

Leave a Reply

Your email address will not be published. Required fields are marked *