অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ ‘মৃগনাভী’উন্মোচন কবিতা কেৱল ব্যক্তিগত মনৰ উচ্ছাস নহয় ঃ ডাঃ চাহেৱালা
ডিব্ৰুগড়, ২৫ অক্টোবৰ ঃ
একেবাৰে সাধাৰণ কথা। যি মানুহে কবিতা ভাল পায় আৰু পঢ়ে, তেওঁৱেই আচলতে কবি, কেৱল লেখা মানুহজনেই কবি নহয়। অতীতত যেনেকৈ কবিতাত ছন্দ ব্যৱহাৰ আছিল, ঠিক তেনেকৈ আমাৰ গাঁৱৰ জীৱনটোৰো এটা নিজস্ব ছন্দ আছিল। বিশিষ্ট চিকিৎসক, সাহিত্যিক, অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডাঃ নির্মল চাহেৱালাই ২৪ অক্টোবৰত এইদৰে কয় ৷ মৃগনাভি সাহিত্য গোটৰ আলোচনী ‘মৃগনাভি’ একাদশ সংখ্যা উন্মোচন আৰু শৰতৰ সুৱাস কাৰ্যসূচী শুভ উদ্বোধন কৰি তেওঁ কয়— কবিতা কেৱল ব্যক্তিগত মনৰ উচ্ছাস নহয়, অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া আৰু পশু-অধিকাৰ বা মানৱাধিকাৰৰ হকে মাত মতাৰো এক
শক্তিশালী শেল। ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমৱেত হোৱা শতাধিক নবীন-প্ৰৱীন লেখক-সাহিত্যিকৰ উপস্থিতিত তেওঁ কয়— এনেধৰণে সাহিত্য চৰ্চা অব্যাহত থাকিলে নিশ্চিতভাৱে সমাজ সুন্দৰ আৰু শৃংখলিত হ’ব। আলোচনীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই। এক সাৰুৱা আৰু চিন্তা-উদ্দীপক উন্মোচনী ভাষণ আগবঢ়াই ড° শইকীয়াই কস্তুৰী মৃগৰ উপমাৰে সাহিত্যৰ অন্তর্নিহিত সৌন্দর্য ব্যাখ্যা কৰে। তেওঁ কয়— – যিদৰে কস্তুৰী মৃগই নিজৰ নাভীতে নিহিত অপূৰ্ব সুবাসৰ উমান নাপাই অৰণ্যই অৰণ্যই ঘূৰি ফুৰে, ঠিক তেনেকৈ মানুহৰ অন্তৰৰ সুপ্ত অনুভৱ আৰু আত্ম-উপলব্ধিৰ সন্ধান নোপোৱাৰ বাবেই মানুহে সৃষ্টিশীল কর্মত মনোযোগ দিব নোৱাৰে। ভাষণ প্ৰসংগত তেওঁ ফৰাচী দার্শনিক তথা সাহিত্যিক ভিক্টৰ হিউগোৰ বিখ্যাত উক্তি স্মৰণ কৰি কয় – – যি চিন্তাই সময়ৰ আহ্বান বুজি উঠে, তাৰ শক্তি অপৰিসীম। আজিৰ বৌদ্ধিক বিপন্নতাৰ যুগত শব্দ আৰু চিন্তাক সজীৱ কৰি ৰখাৰ বাবে এনে সাহিত্য আলোচনীৰ প্ৰয়োজন সময়ৰ এক ঐতিহাসিক দাবী। ড° শইকীয়াই কয় যে ‘মৃগনাভী’ কেৱল ছপা আখৰৰ সমষ্টি নহয়, ই বহুজন লেখকৰ বৌদ্ধিক ঘাম আৰু সৃষ্টিৰ ফুল হৈ সমাজৰ বুকুত সুবাস বিলোৱাৰ এক অমূল্য দলিল। এটা সংখ্যাৰ পৰা আৰম্ভ কৰি একেৰাহে একাদশ সংখ্যাৰ দেওনা স্পৰ্শ কৰাটো গোটটোৰ একাগ্ৰতা আৰু দায়বদ্ধতাৰ উৎকৃষ্ট নিদর্শন বুলি তেওঁ প্ৰশংসা কৰে। আৰম্ভণিতে দুলুমণি দেৱীৰ কথা আৰু প্ৰণয় দত্তই সুৰাৰোপিত কৰা ‘মৃগনাভি কোৰাছ” পৰিৱেশন কৰা হয়। ‘মৃগনাভি’ আলোচনী সমিতিৰ সভাপতি শোভন কুমাৰ মেধিয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘মৃগনাভি’ আলোচনীৰ সম্পাদিকা দুলুমণি
দেৱীয়ে । তেওঁ নিজেই মৃগনাভি শিৰোনামৰ কবিতাটি আবৃত্তি কৰে। ইফালে, আলোচনী উন্মোচনৰ পূৰ্বে আলোচনীখনৰ লক্ষ্য, উদ্দেশ্য আৰু যাত্ৰাৰ বিষয়ে বিশদ আলোকপাত কৰে সমিতিৰ সদস্যা জাহ্নবী বৰাই। দুলুমণি দেৱীয়ে আঁত ধৰা এই অনুষ্ঠানত বনগীত শিল্পী লুইত দাসে একাধিক গীত পৰিৱেশন কৰি উপস্থিত দর্শক-শ্রোতাক আপ্লুত কৰি তোলে। অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হয় আকর্ষণীয় ‘শৰতৰ সুবাস’ শীৰ্ষক সাংস্কৃতিক তথা সাহিত্যিক অনুষ্ঠান। এই অনুষ্ঠানত তিনিচুকীয়া, ধেমাজি, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বহুকেইগৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰাৰ উপৰিও বহুকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে । পৰৱৰ্তী সময়ত সভাপতি শোভন কুমাৰ মেধিৰ মন্তব্য আৰু পৰ্যালোচনাৰ পিছত বন্দিতা নেওগ গোহাঁইয়ে শলাগ জ্ঞাপন কৰে। এই অনুষ্ঠানত যোগদা মহন গগৈ, ৰশ্মিৰেখা দুৱৰা, দিপালী লাহন দিহিঙীয়া, বৰ্ণালী আৰন্ধৰা, দিপীকা বৰা, উজ্জ্বল চক্ৰৱৰ্তী, মামণি শৰ্মা, মানস দত্ত, নিজৰা গগৈ, বিতুমণি ফুকন, মিন্টু দাস, অনুপম মহন্ত, ৰাজশ্ৰী সেনাপতি গগৈ, মনিষা চেতিয়া বৰুৱা, জুলী দত্ত, জুলী গগৈ, হেমচন্দ্ৰ কছাৰী, বন্দিতা নেওগ গোহাঁই, সান্তনা বুঢ়াগোহাঁই হাজৰিকা, মিন্টু গোস্বামী, গীতা গগৈ চৌধুৰী, দীপালী শৰ্মা গোস্বামী, স্মৃতিৰেখা গোস্বামী, দীপালী দত্তবৰুৱা আৰু জাহ্নৱী বৰাই স্বৰচিত কবিতা পাঠ কৰাৰ উপৰিও হেপী দত্ত দিহিঙীয়াই গীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে। অনুষ্ঠানত বিশিষ্ট উদ্ভাৱক, লেখক সুৰেন্দ্ৰ বৰুৱা, বিশিষ্ট কবি ৰুদ্ৰ গগৈকে ধৰি ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।