খোৱাং সমষ্টিৰ বি জে পি বৰবৰুৱা মণ্ডলৰ ৯৬নং বুথত ‘প্ৰধানমন্ত্ৰীৰ মন কি বাত’ শ্ৰৱণ
চাইন অন ডেস্ক,
২৫অক্টোবৰ:ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বি জে পিৰ বৰবৰুৱা মণ্ডলৰ জকাই গাঁও পঞ্চায়তৰ ওলোম চেঙামাৰীৰ ৯৬ নং বুথত আজি দেশৰ প্ৰধানমন্ত্ৰীৰ ” মন কি বাত ” শীৰ্ষক অনুষ্ঠান শ্ৰৱণ কৰে বি জে পি দলীয় কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজে।অনুষ্ঠানত বি জে পিৰ বৰবৰুৱা মণ্ডলৰ ৯৬ নং বুথৰ সভানেত্ৰী তৃষ্ণা দেউৰী সোনোৱাল, ওলোম চেঙামাৰীৰ ৱাৰ্ড সদস্যা অঞ্জলী শইকীয়া সোনোৱাল, মনকি বাত অনুষ্ঠান প্ৰমুখ গুণদা শইকীয়া, বি জে পিৰ বৰবৰুৱা মণ্ডলৰ জনজাতি মৰ্চাৰ সম্পাদক ললিত সোনোৱাল প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।জকাই চেঙামাৰী গাৱঁৰ যুৱ কৃষক সমাজকৰ্মী অজিত শইকীয়াৰ গৃহত প্ৰধানমন্ত্ৰীৰ ” মন কি বাত ” শীৰ্ষক অনুষ্ঠানটো বি জে পিৰ দলীয় কৰ্মীৰ উপৰিও স্থানীয় সমাজ সেৱক সকলেও শ্ৰৱণ কৰে।