বিহু দলৰ ওপৰত আক্রমণ
অসমীয়া জাতিৰ স্বাভিমানৰ ওপৰত আক্ৰমণ
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্বেগ প্ৰকাশ
চাইন অন ডেস্ক,২৫ অক্টোবৰ:
শ্রীভূমিত সাংস্কৃতিক অনুষ্ঠানত বিহু দলৰ ওপৰত আক্রমণ চলাই ঢুলীয়াৰ ঢোল পর্যন্ত ভাঙি পেলোৱা ঘটনাক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে তীব্র গৰিহণা দিছে। সংগঠনটোৱে এই ঘটনাক কেবল এটা সাংস্কৃতিক দলৰ ওপৰত সংঘটিত আক্ৰমণ হিচাপে নহয়, বৰং অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়, আত্মসম্মান আৰু স্বাভিমানৰ ওপৰত কৰা এক বৰ্বৰ আঘাত হিচাপে অভিহিত কৰিছে।
বিহু কেৱল অসমৰ এটি লোকউৎসৱ নহয়; ই অসমীয়া জাতিৰ জীৱনবোধ, জাতীয় চেতনা, ঐতিহ্য আৰু অস্তিত্বৰ এক জীৱন্ত প্রতীক। বিহুৰ ঢোলৰ প্ৰতিটো চাপৰত অসমৰ মাটিৰ গোন্ধ, লোকজীৱনৰ সুৰ আৰু জাতীয় পৰিচয়ৰ প্ৰতিধ্বনি নিহিত হৈ আছে। এনে এক জাতীয় সাংস্কৃতিক সম্পদৰ সৈতে জড়িত শিল্পী আৰু কলা-কুশলীৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাটো অতি দুর্ভাগ্যজনক আৰু কোনো কাৰণতে গ্রহণযোগ্য নহয়।
অসম জাতীয়তাবাদী যুৱ পৰিষদে স্পষ্ট কৰি দিয়ে যে সাংস্কৃতিক বৈচিত্র্যৰ মাজত পাৰস্পৰিক সম্মান, সম্প্রীতি আৰু সহাৱস্থানেই এখন সুস্থ সমাজৰ মূল আধাৰ। সংস্কৃতিৰ ওপৰত আক্ৰমণ চলাই কোনো সভ্য সমাজৰ ভেটি শক্তিশালী কৰিব নোৱাৰি। সেয়েহে চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লৈ নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰাৰ লগতে দোষীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।
সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া আৰু সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক বিষয়টোত তাৎক্ষণিক হস্তক্ষেপ কৰি দৃঢ় আৰু ন্যায়সংগত সিদ্ধান্ত গ্রহণ কৰিবলৈ আহ্বান জনায়। লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে ফলপ্রসূ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনায়।
বিহুৰ মৰ্যাদা ৰক্ষা কৰাটো অসমীয়া জাতিৰ সাংস্কৃতিক স্বাভিমান ৰক্ষাৰেই এক অবিচ্ছেদ্য অংশ। সেয়েহে এই ঘটনাৰ উচিত তদন্ত, দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা আৰু অসমৰ থলুৱা সংস্কৃতিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম চৰকাৰক তাৎক্ষণিক আৰু দায়িত্বশীল পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে।