...

৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকাণ্ড

৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকাণ্ড

বকুল চাপৰিত ‘আটছা’ৰ উত্তাল প্ৰতিবাদ
দোষীক ফাঁচিৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

চাইন অন ডেস্ক, ২৪ অক্টোবৰ:

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকুল চাপৰি গাঁৱত সংঘটিত হোৱা এটি ৫ বছৰীয়া চাহ জনজাতিৰ নিষ্পাপ শিশু কন্যাৰ (মীনা মাঝি) পাশৱিক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ 
ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২০ অক্টোবৰৰ পুৱাৰে পৰা সন্ধানহীন হৈ থকা শিশুটিৰ মৃতদেহ পাছত চেচা নদীৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই জঘন্য 
কাণ্ডৰ দোষীক অতি সোনকালে কৰায়ত্ত কৰা আৰু ফাষ্ট-ট্ৰেক আদালতৰ জৰিয়তে ফাঁচিৰ শাস্তি প্ৰদান কৰাৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা ‘আটছা’ই ডিব্ৰুগড়ৰ
 বকুল চাহ বাগিচা অঞ্চলত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
আটছাৰ ডিব্ৰুগড় শাখা সমিতিৰ সমিতিৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ অন্তত আজি ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ালৈ এক গুৰুত্বপূৰ্ণ 
স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। স্মাৰকপত্ৰখনত ছাত্ৰ সংগঠনটোৱে মূলতঃ তিনিটা দাবী উত্থাপন কৰিছে— সকলো অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা, ফাষ্ট-ট্ৰেক আদালতৰ জৰিয়তে দৈনিক 
ভিত্তিত শুনানি কৰি হত্যাকাৰীক মৃত্যুদণ্ড প্ৰদান কৰা আৰু ভুক্তভোগী পৰিয়ালটোক জৰুৰী নিৰাপত্তা তথা পৰ্যাপ্ত আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা। ঘটনাৰ ৪ দিন পাছতো আৰক্ষীয়ে 
মূল দোষীক কৰায়ত্ত কৰিব নোৱাৰাত সংগঠনটোৱে চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে গভীৰ ক্ষোভ প্ৰকাশ কৰে। ডিব্ৰুগড় শাখাৰ সভাপতি সূৰজ নায়ক আৰু উপ সভাপতি ৰঞ্জিত 
ৰাউতীয়াৰ নেতৃত্বত গ্ৰহণ কৰা মমশিখা সমদল
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক তীব্ৰ সমালোচনা কৰি কয় যি সময়ত 
দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত এগৰাকী মহিলা ৰাষ্ট্ৰপতি অধিষ্ঠিত হৈ আছে, সেই সময়তে অসমৰ এটা অতি পিছপৰা চাহ জনগোষ্ঠী তথা চাওঁতাল সম্প্ৰদায়ৰ ৫ বছৰীয়া 
কনমাণি শিশুক এইদৰে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাটো অত্যন্ত লজ্জাজনক আৰু হৃদয়বিদাৰক। এই কাণ্ডই সমগ্ৰ অসমৰ বিবেক কঁপাই তুলিছে। ঘটনা সংঘটিত হোৱা ৪ দিন পাৰ হৈ
 যোৱাৰ পিছতো লাহোৱাল আৰক্ষীয়ে প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী প্ৰশাসনৰ এই স্থিতিক আমি তীব্ৰ গৰিহণা দিছোঁ। আমি আজি ৰাষ্ট্ৰপতি মহোদয়ালৈ
 স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ যাতে এই গোচৰটো এক ফাষ্ট-ট্ৰেক আদালতৰ অধীনলৈ নি ক্ষিপ্ৰতাৰে বিচাৰ কৰা হয় আৰু হত্যাকাৰীক ফাঁচিৰ কাঠত ওলোমাই থোৱা হয়। আমাৰ চাহ
 জনজাতিৰ সমাজখনক এইদৰে অসুৰক্ষিত হৈ থাকিবলৈ দিয়া নহ’ব। যদি চৰকাৰ আৰু প্ৰশাসনে অতি শীঘ্ৰে যদি দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা নকৰে,তেন্তে আটছাই 
সমগ্ৰ অসম জুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।একেদৰে প্ৰশাসনক সকীয়াই দি আটছা কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক সুনীল পাতৰে কয়— চাহ বাগিচা অঞ্চলসমূহত আমাৰ ভগ্নী
 আৰু কনমাণি শিশুসকলৰ সুৰক্ষা আজি সম্পূৰ্ণৰূপে বিপন্ন হৈ পৰিছে। মীনা মাঝি নামৰ এই নিষ্পাপ শিশুটিৰ ওপৰত যি পাশৱিক নিৰ্যাতন চলোৱা হ’ল, তাৰ কোনো ক্ষমা নাই। 
চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে কেৱল মৌখিক আশ্বাস নহয়, এই দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰে জৰুৰীভাৱে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব লাগিব আৰু এক উপযুক্ত আৰ্থিক ক্ষতিপূৰণৰ 
ব্যৱস্থা কৰিব লাগিব। আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবেই যাতে পৰিয়ালটোৱে ন্যায় পোৱাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে আটছা সদায় ঢাল হৈ থিয় দিব। আমাৰ এই আইনী 
আৰু সামাজিক যুঁজখন শেষলৈকে লৈ যাম। অপৰাধীয়ে কোনো কাৰণতে ৰাজনৈতিক বা সামাজিক আশ্ৰয় পাব নালাগে। প্ৰশাসনে এই গোচৰটো অতি সংবেদনশীলতাৰে লৈ দিনক-দিন 
শুনানি (Day-to-day trial) কৰাৰ ব্যৱস্থা কৰিব লাগে।
প্ৰতিবাদস্থলীত উপস্থিত থাকি প্ৰাক্তন আটছা নেতা ড° দয়ানন্দ শ্বাহে ঘটনাটো সমগ্ৰ সমাজৰে স্খলন বুলি অভিহিত কৰি কয়— "চাহ জনগোষ্ঠী সমাজৰ ভিতৰুৱা অঞ্চলসমূহত ক্ৰমান্বয়ে 
বৃদ্ধি পোৱা এনে ধৰণৰ জঘন্য অপৰাধমূলক প্ৰৱণতাহঁতে আমাক চিন্তিত কৰি তুলিছে। এইয়া কেৱল এটা সাধাৰণ আইন-শৃংখলাৰ সমস্যা নহয়, ই আমাৰ সমাজ ব্যৱস্থাৰ এক ডাঙৰ স্খলনৰ প্ৰতীক।
 এজন প্ৰাক্তন সতীৰ্থ হিচাপে মই ভাবোঁ, আজি আমাৰ সমগ্ৰ চাহ জনগোষ্ঠী ঐক্যবদ্ধ হৈ এনে দানৱীয় মানসিকতাৰ বিৰুদ্ধে থিয় দিয়াৰ সময় আহি পৰিছে। আইনৰ সুৰুঙাৰে যাতে 
কোনো এজনো অপৰাধী সাৰি যাব নোৱাৰে, তাক প্ৰশাসনে সুনিশ্চিত কৰিব লাগিব। লাহোৱালৰ এই ঘটনাৰ ক্ষেত্ৰত আৰক্ষীৰ যি গাফিলতি দেখা গৈছে, সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
 জিলা প্ৰশাসনে শীঘ্ৰে এক বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰি তদন্ত ক্ষিপ্ৰ কৰিব লাগে। আমি ভুক্তভোগী পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে স্পষ্ট কৰি দিব 
বিচাৰোঁ যে ন্যায় লাভ নকৰালৈকে এই প্ৰতিবাদ স্তব্ধ নহয়।আটছাৰ এই যৌথ প্ৰতিবাদী কাৰ্যসূচী আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ পিছত এতিয়া জিলা প্ৰশাসন তথা আৰক্ষীয়ে 
কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *