...

জয়ৰ নায়ক তিলক-নীতিশ কুমাৰ পুনৰ পৰাস্ত নিউজিলেণ্ডত

জয়ৰ নায়ক তিলক-নীতিশ কুমাৰ

পুনৰ পৰাস্ত নিউজিলেণ্ডত

দ্বিতীয় টি-২০ত ৰোমাঞ্চকৰ জয় টীম ইণ্ডিয়াৰ

ক্রাইস্টচাৰ্ছ,২৫অক্টোবৰঃ

নিউজিলেণ্ড ভ্রমণত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন টীম ইণ্ডিয়াৰ জয়যাত্ৰা অব্যাহত আছে। ঘৰুৱা দলটোৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ কালি ক্রাইষ্টচাৰ্ছত অনুষ্ঠিত দ্বিতীয়খন মেচত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে। এই শ্বাসৰুদ্ধকাৰী জয়েৰে টীম ইন্ডিয়াই শৃংখলাটোত ২-০ৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভকৰিছে। মেচখনত ভাৰতীয় দলটোৰ জয়ৰ নায়ক আছিল তিলক বার্মা আৰু নীতিশ কুমাৰ বেড্ডী। নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দলীয় স্ক’ৰ ১১২ ৰানতে ৬টাকৈ উইকেট হেৰুৱাই বিপর্যয়ত পৰিছিল যদিও তিলক বার্মা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে সপ্তম উইকেটত অপৰাজিতভাৱে ৬৯ ৰান সংগ্ৰহ কৰি দলক ৰোমাঞ্চকৰ জয়ৰ সোৱাদ দিয়ে। প্রথম উইকেটত সঞ্জু ছেমছন আৰু অভিষেক শর্মাই ৪০ ৰান সংগ্ৰহ কৰি

সুন্দৰ আৰম্ভণি দিছিল যদিও ৩০ ৰানৰ ভিতৰত চাৰিটা উইকেট হেৰুৱাই দলটো বিপদত পৰিছিল। সঞ্জুৱে ১৪ আৰু অভিষেক শৰ্মাই ২৭ ৰান কৰি বিদায় লয়।

ইফালে, ১০৮ দিনৰ পিছত ভাৰতীয় দলটোৰ হৈ খেলাৰ সুযোগ লাভ কৰা বৈভৱ সূৰ্যবংশীয়ে মাত্র ৪ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে অধিনায়ক শ্রেয়াছ

আয়াৰে ৭ আৰু অক্ষৰ পেটেলে ১১ ৰান কৰে। নমন ধীৰে ১৭টা বলত ৩১ ৰানৰ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ইফালে, তিলক বার্মাই ২৬টা বলত ৫১

আৰু নীতিশ কুমাৰে ১৩টা বলত ২৬ ৰান কৰি অপৰাজিত হৈ থাকে। নিউজিলেণ্ডৰ হৈ মিচেল ছান্টনাৰে সৰ্বাধিক ৪টা উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্ৰাৰম্ভিক বিপৰ্যয়ৰ সন্মুখীন হোৱা নিউজিলেণ্ডে গ্রেন ফিলিপছৰ ৭০ আৰু বেভন জেকবছৰ ৫৮ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে। দলীয় স্ক’ৰ ৪১ ৰানতে টিম শ্বেইফার্ট (৭), ফিন এলেন (১৬) আৰু ডাৰিল মিচেল (৬)ক হেৰুৱাই দলটোৱে বিপদত পৰিছিল। অবশ্যে গ্লেন ফিলিপছ আৰু বেভন জেকবছে চতুর্থ উইকেটত ১১৬ ৰান কৰি দলৰ বিপৰ্যয় ৰোধ কৰিছিল। ভাৰতীয় দলটোৰ হৈ অৰ্শদীপ সিঙে সর্বাধিক দুটা উইকেট লাভ কৰাৰ লগতে ভুবনেশ্বৰ কুমাৰ, প্রিঞ্চ যাদৱ আৰু নীতিশ কুমাৰ ৰেঙীয়ে এটাকৈ উইকেট লাভ কৰে। শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে বেলিংটনত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *