...

ডিব্ৰুগড়ৰ সেনা ছাউনী ভূমি সমস্যাৰ সমাধানৰ বাবে আগবাঢ়িল লোজপা

ডিব্ৰুগড়ৰ সেনা ছাউনী ভূমি সমস্যাৰ সমাধানৰ বাবে আগবাঢ়িল লোজপা

ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছোৱানৰ জৰিয়তে প্ৰতিৰক্ষা মন্ত্ৰীৰ কাষ চাপিব দলৰ অসম প্ৰদেশৰ সভাপতি আহমেদ আলী আয়ুব্বী

চাইন অন ডেস্ক,ডিব্ৰুগড়,২৬অক্টোবৰঃ

ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত সেনা ছাউনী এলেকাত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা শ শ পৰিয়ালৰ ভূমি সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি আহিছে লোক জনশক্তি পাৰ্টি (ৰামবিলাস)। দলটোৰ অসম প্ৰদেশৰ সভাপতি আহমেদ আলী আয়ুব্বীয়ে স্থানীয় বাসিন্দাসকলক তেওঁলোকৰ সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত বিষয়টো উত্থাপন কৰাৰ আশ্বাস প্ৰদান কৰিছে।

উল্লেখ্য যে স্বাধীনতাৰ পিছৰে পৰা ডিব্ৰুগড়ৰ পল্টন বজাৰৰ সেনা ছাউনী এলেকাত শ শ পৰিয়ালে বংশানুক্ৰমে বসবাস কৰি আহিছে। স্থায়ীভাৱে বসবাস কৰাৰ অধিকাৰ আৰু ভূমিৰ স্বত্ব লাভৰ দাবীত এই পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে। আনহাতে, ভূমিৰ অধিকাৰক কেন্দ্ৰ কৰি সেনা কৰ্তৃপক্ষ আৰু স্থানীয় বাসিন্দাসকলৰ মাজত দীৰ্ঘদিন ধৰি আইনী বিবাদো চলি আছে।

স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই অঞ্চলটোলৈ আহি ভূমি সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে যদিও নিৰ্বাচনৰ পিছত বিষয়টো পাহৰি যায়। এনে পৰিস্থিতিত লোক জনশক্তি পাৰ্টি (ৰামবিলাস)-এ গ্ৰহণ কৰা পদক্ষেপে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে।

দেওবাৰে স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি দলটোৰ অসম প্ৰদেশৰ সভাপতি আহমেদ আলী আয়ুব্বীয়ে কয় যে শেহতীয়াকৈ নতুন দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছোৱানৰ সৈতে হোৱা সাক্ষাৎকালত ডিব্ৰুগড়ৰ সেনা ছাউনী এলেকাৰ বাসিন্দাসকলৰ ভূমি সমস্যাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। তেওঁৰ মতে, এই বিষয়টো সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে চিৰাগ পাছোৱানে।

ইতিমধ্যে সমস্যাটোৰ সৈতে জড়িত স্থানীয় বাসিন্দাসকলৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰস্তুত কৰি প্ৰতিৰক্ষা মন্ত্ৰীক প্ৰদান কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। দলটোৱে প্ৰস্তাৱ আগবঢ়াব যে ডিব্ৰুগড়ৰ বগীবিল অঞ্চলত স্থানীয় পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি বসবাস কৰি থকা ভূমিৰ সমপৰিমাণৰ ভূমি সেনা কৰ্তৃপক্ষক প্ৰদানৰ ব্যৱস্থা কৰা হওক। ইয়াৰ জৰিয়তে দীৰ্ঘদিনীয়া ভূমি বিবাদৰ এক গ্ৰহণযোগ্য সমাধানৰ পথ মুকলি হ’ব বুলি দলটোৱে আশা প্ৰকাশ কৰিছে।

আয়ুব্বীয়ে লগতে জানিবলৈ দিয়ে যে এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰা হ’ব আৰু তেওঁৰ হাততো এখন স্মাৰক-পত্ৰ প্ৰদান কৰা হ’ব।

লোক জনশক্তি পাৰ্টি (ৰামবিলাস)-ৰ এই পদক্ষেপক লৈ স্থানীয় ৰাইজৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। দীৰ্ঘদিন ধৰি ভূমিৰ অধিকাৰক লৈ অনিশ্চয়তাৰ মাজত দিন কটোৱা পৰিয়ালসমূহে এইবাৰ সমস্যাটোৰ এক স্থায়ী সমাধান ওলাব বুলি আশা কৰিছে।

অৱশ্যে, ভূমিৰ নথি-পত্ৰ, আইনী স্থিতি আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সিদ্ধান্তৰ ওপৰতহে এই সমস্যাৰ চূড়ান্ত সমাধান নিৰ্ভৰ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *