মানকাচৰৰ ঝাউডাঙা সমবায় সমিতিৰ
অংশীদাৰ সকলৰ অধিকাৰ উদ্ধাৰৰ সংগ্ৰামী পদক্ষেপ
নতুন কাৰ্যালয় শুভ উদ্বোধন
মানকাচৰ,২৬ অক্টোবৰ:
দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ ঝাউডাঙা সমবায় সমিতিৰ দীৰ্ঘদিনীয়া সমস্যা, বঞ্চনা আৰু অধিকাৰ লুন্ঠনৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে অংশীদাৰ সকল। বিগত বিশ বছৰ ধৰি সমিতিৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হৈ অহাৰ লগতে মৃত অংশীদাৰ সকলৰ উত্তৰাধিকাৰী সকলকো তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
এই অন্যায়ৰ বিৰুদ্ধে এক ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ সংগ্ৰামী ৰাইজে প্ৰস্তুতি চলাইছে। সমান্তৰাল ভাৱে, ৰাইজৰ গঠনমূলক মতামত আৰু দিহা- পৰামৰ্শ গ্রহণ কৰাৰ উদ্দেশ্যে ঝাউডাঙা জুনিয়ৰ কলেজৰ ওচৰত এটা নতুন কাৰ্যালয় শুভ উদ্বোধনেৰে সংগ্ৰামক অধিক গতিশীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।