২৭ অক্টোবৰৰ পৰা ৰাজ্যজুৰি বৰদলৈ ট্ৰফী
ৰাজ্যৰ ৩০টা স্থানত হব ৫০১খন মেচ
৬,৯৬০গৰাকী খেলুৱৈৰ অংশগ্ৰহণ
গুৱাহাটী,২৬অক্টোবৰ:
সমগ্ৰ ৰাজ্যজুৰি ২৭অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুর্নামেন্ট। গুৱাহাটী ক্রীড়া সমাবদ্যাগত অসুম ক্রিকেট সস্থা আৰু সংস্থাসমূহৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই টুর্নামেন্টখন ২৭ অক্টোবৰৰ পৰা ৰাজ্যৰ ২৯খন জিলাত আনুষ্ঠানিকভাৱে আৰম্ভহ’ব। এইবাৰৰ প্ৰতিযোগিতাখন মূলতঃ তিনিটা পৰ্যায়ত জিলা ৰাউণ্ড, ক্লাষ্টাৰ ৰাউণ্ড আৰু ফাইনেল ৰাউণ্ডত অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ অসমৰ উদীয়মান ফুটবল খেলুৱৈসকলক নিজৰ প্রতিভা প্রদর্শনৰ সুযোগ দিয়াৰ উদ্দেশ্যে আয়োজিত এই ক্রীড়া মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২৩২টা ক্লাব আৰু প্ৰায় ৬,৯৬০ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিব। ৩০টা স্থানত মুঠ ৫১০খন মেচ অনুষ্ঠিত হ’ব।
প্রথম পৰ্যায়ৰ জিলা ৰাউণ্ডৰ খেলসমূহ ২৭অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ অসমৰ ২৮খন জিলাত অনুষ্ঠিত হ’ব। প্রতিখন জিলাত ৮টাকৈ দলক দুটা গোটত ভাগ কৰি মেচসমূহ খেলোৱা হ’ব আৰু জিলা পর্যায়ত চেম্পিয়ন হোৱা প্রতিটো দলে ৭৫,০০০ টকাকৈ পুৰস্কাৰ লাভ কৰিব। দ্বিতীয় পৰ্যায়ৰ ক্লাষ্টাৰ ৰাউণ্ডসমূহ ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ৬টা ক্লাষ্টাৰত- ক্রমে উজনি অসম, উত্তৰ অসম, মধ্য অসম, নামনি অসম, বৰাক উপত্যকা আৰু ৰাজধানী অঞ্চলত অনুষ্ঠিত হ’ব। উজনি অসম ক্লাষ্টাৰত আছে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু মাজুলী। উত্তৰ অসম ক্লাষ্টাৰত আছে তেজপুৰ (শোণিতপুৰ), লখিমপুৰ, ধেমাজি আৰু মঙলদৈ (দৰং)। মধ্য অসম ক্লাষ্টাৰত আছে মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট আৰু পশ্চিম কাৰ্বি আংলং। নামনি অসম ক্লাষ্টাৰত আছে বাক্সা,
দক্ষিণ শালমাৰা-মানকাচৰ, বঙাইগাঁও, ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু চিৰাং। বৰাক উপত্যকা ক্লাষ্টাৰত আছে হাইলাকান্দি, কার্বি আংলং আৰু শিলচৰ। ৰাজধানী অঞ্চল ক্লাষ্টাৰত আছে কামৰূপ মেট্র’ (মহানগৰ), কামৰূপ, গোৱালপাৰা, তামুলপুৰ, বজালী আৰু নলবাৰী। ক্লাষ্টাৰ ৰাউণ্ডৰ চেম্পিয়ন আৰু ৰানাৰ্ছআপ দলে ক্রমে ১,০০,০০০ টকা আৰু ৭৫,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। বৰদলৈ ট্ৰফীৰ চূড়ান্ত পৰ্যায়ৰ মেচসমূহ ২০ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হ’ব। ক্লাষ্টাৰ পৰ্যায়ৰ পৰা যোগাতা অৰ্জন কৰা ১২টা দল আৰু আমন্ত্রিত ৪টা দলসহ মুঠ ১৬টা দলে ফাইনেল ৰাউণ্ডত খিতাপৰ বাবে যুঁজ দিব। ২৯ নৱেম্বৰত চূড়ান্ত খেল আৰু সামৰণী সমাৰোহে বে এই প্রতিযোগিতাৰ সামৰণি পৰিব।