কামৰূপৰ নগৰবেৰাত নাও সহ ম’হ উদ্ধাৰ কৰি আৰক্ষীয়ে ৯ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।যোৱা নিশা নগৰবেৰা আৰক্ষীয়ে জলজলী নৈৰ বুকুত নাওভৰ্ত্তি মুঠ ১৬ টাকৈ ম’হ উদ্ধাৰ কৰাৰ লগতে ৯ জনকৈ লোক ক্ৰমে-মোছলেমউদ্দিন,আশ্ৰাফুল হক, জহৰলাল, আয়নাল হক, ম’মিন আলী, আব্দুল গণি, আজিজুদ্দিন, দেৱান আলী আৰু ছহিদুল ইছলামক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।প্ৰথমে ১৮ জনক আৰক্ষীয়ে আটক কৰিছিল যদিও সোধপোছৰ অন্তত বাকী সকলক মোকলাই মুঠ ৯ জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।নীতিবহিঃৰ্ভুত সৰবৰাহৰ বাবেই আৰক্ষীয়ে এইধৰণৰ পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে।বৰপেটাৰ বাঘবৰ পশুহাটলৈ বেচিব গৈ কম দামৰ বাবে ওভতাই অনাৰ পথত ম’হ কেইটা উদ্ধাৰ কৰাৰ লগতে নাও জব্দ আৰু মানুহ কেইজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।ম’হ বোৰ গোশালালৈ আৰু মানুহ কেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.