নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ‘কুশীলৱ’ প্ৰেক্ষাগৃহত গজলৰ বিশেষ অনুষ্ঠান সম্পন্ন
নগাঁও :-
নগাঁৱৰ সোণাইপৰীয়া কবি সন্মিলন আৰু সোণাইপৰীয়া শিল্পী মঞ্চৰ সৌজ্যন্যত তথা সুনীল শইকীয়া সংগীত মহাবিদ্যালয়,নগাঁও ছোৱালী মহাবিদ্যালয়,ষ্টাৰলেব ডায়’গনষ্টিকচ আৰু ডুগডুগীৰ সহযোগত “মাসাগৰিনা” নামৰ অনুষ্ঠানটিৰ উদ্যোগত ১নবেম্বৰৰ সন্ধিয়া গজলৰ এক বিশেষ অনুষ্ঠান সম্পন্ন হৈ যায় । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ‘কুশীলৱ’ প্ৰেক্ষাগৃহত আয়োজিত সন্ধিয়া ৬ বজাৰ পৰা তিনিঘণ্টাজোৰা অনুষ্ঠানটিৰ আৰম্ভণিতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰুৱ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰা হয়। এই শ্ৰদ্ধাৰ্ঘ অৰ্পণৰ কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে সমাজ সংগঠক শশীকা
নাথ,পদ্মেশ্বৰী দেৱী,বিশিষ্ট সাংবাদিক ড৹ সমুদ্ৰগুপ্ত কাশ্যপ,নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড৹ কুলেন চন্দ্ৰ দাস, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ মঞ্জু লস্কৰ,ডিমৰীয়া কলেজৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকা,বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙকে ধৰি বিভিন্নজনে সহযোগিতা আগবঢ়ায়। ইয়াৰ পিছতে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত সকলোৱে জুবিন গাৰ্গৰ ‘মায়াবিনী’ গীতটো পৰিৱেশন কৰে। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী আৰিফুল হকে এটি গজল পৰিবেশন কৰি অনুষ্ঠানটিৰ প্ৰাণ সঞ্চাৰ কৰে। শিল্পী দিপাংকৰ গিৰি দেৱ গোস্বামী,তৰুণ শইকীয়া,জিতু শ্ৰাৱণ,কানু কন্দলি, স্বপ্নালী কলিতা,নিলোৎপল গায়ন, কুমাৰ কিশোৰ,নিপু ভূঞা আৰু প্ৰযুক্তি দেৱীয়ে সঞ্জীৱ সাগৰ চৌধুৰীৰ ৰচিত ১৪টি অসমীয়া আৰু হিন্দুস্থানী গজল পৰিৱেশন কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে। সঞ্জীৱ সাগৰ চৌধুৰী আৰু পুন্যহাপুনম চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত দীপেন দাস,ৰাজীৱ বৰঠাকুৰ,কনক হীৰা,সিদ্ধাৰ্থ দেৱনাথ,অমল ডেকা, চম্পক বৰদলৈ, বাবুল বৰা আৰু প্ৰাঞ্জল শৰ্মাই বাদ্যযন্ত্ৰ সংগত কৰে। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশনৰ জৰিয়তে বিশেষ অনুষ্ঠানটিৰ পৰিসমাপ্তি ঘোষণা কৰা হয় ।