...

ডিব্ৰুগড় বিমানবন্দৰত কাৰিকৰী আৰু অ-কাৰ্যবাহী কৰ্মচাৰীৰ প্ৰশিক্ষণ

ডিব্ৰুগড় বিমানবন্দৰত কাৰিকৰী আৰু অ-কাৰ্যবাহী কৰ্মচাৰীৰ প্ৰশিক্ষণ

এ.এ.আই.ৰ ৩ দিনীয়া আঞ্চলিক প্ৰশিক্ষণ

চাইন অন ডেস্ক,২১আগষ্ট:

ভাৰতীয় বিমান প্ৰাধিকৰণে (AAI) ১৯ আগষ্টৰ পৰা ২১ আগষ্টলৈ ডিব্ৰুগড় বিমানবন্দৰত উত্তৰ-পূব অঞ্চলৰ কাৰিকৰী কাৰ্যবাহী আৰু অ-কাৰ্যবাহীসকলৰ বাবে মডিউল-১ৰ ওপৰত তিনিদিনীয়া আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে।
বিশেষজ্ঞসকলৰ নিৰ্দেশনা আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ পেছাদাৰী জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। কাৰিকৰী দিশৰ অংশ হিচাপে, অংশগ্ৰহণকাৰীসকলক ৰোজেনবাউৱাৰ (Rosenbauer) আৰু নেফকো (NAFFCO) সঁজুলি ধৰি এয়াৰক্ৰাফ্ট ক্ৰেছ ফাইয়াৰ টেণ্ডাৰ (CFTs)ৰ প্ৰাথমিক সঞ্চালনা, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষিত ব্যৱহাৰ সম্পৰ্কে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই খণ্ডসমূহ মূল সঁজুলি নিৰ্মাতা (OEM) কোম্পানীৰ প্ৰশিক্ষকসকলে পৰিচালনা কৰিছিল।
ইয়াৰ উপৰিও উত্তৰ-পূব অঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক আৰু উপ-মহাপ্ৰবন্ধক (কাৰিকৰী)ৰ নেতৃত্বত ক্ৰমে মৌলিক বিত্তীয় ব্যৱস্থাপনা, ই-অফিচ আৰু সামগ্ৰী তথা সেৱা ক্ৰয়ৰ ওপৰত প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণে বিত্তীয় অনুশাসন, ডিজিটেল কাৰ্যপ্ৰণালী, কাগজহীন কাম-কাজ আৰু মূল ক্ৰয় প্ৰক্ৰিয়াক সামৰি লয়।
ডিব্ৰুগড় বিমানবন্দৰৰ সঞ্চালক বংগজিৎ সাহাই জনায় যে এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল অঞ্চলটোৰ কৰ্মচাৰীসকলৰ সামগ্ৰিক দক্ষতা বৃদ্ধি কৰা।
সাহাই কয়, “এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে আমাৰ কাৰিকৰী আৰু অ-কাৰ্যবাহী কৰ্মচাৰীসকলক তেওঁলোকৰ কাৰ্যবাহী দক্ষতা আৰু প্ৰশাসনিক জ্ঞান বৃদ্ধি কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিছে। ক্ৰেছ ফাইয়াৰ টেণ্ডাৰ পৰিচালনাৰ দৰে প্ৰশিক্ষণ বিমানবন্দৰৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ, আনহাতে বিত্তীয় ব্যৱস্থাপনা আৰু ই-অফিচৰ কাম-কাজে বিষয়া-কৰ্মচাৰীসকলক আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ সৈতে খাপ খাই পৰাত সহায় কৰিব।”
বিষয়াসকলে জনায় যে এই কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক কাৰ্যবাহী আৰু প্ৰশাসনিক উভয় দিশতে পাকৈত কৰি তোলাৰ লগতে অঞ্চলটোৰ অন্যান্য স্থানৰ সতীৰ্থসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰাৰো সুযোগ দিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *