...

ছয় মহলৰ পৰা লিফ্টৰ সুৰংগত পৰিল শ্ৰমিক

ছয় মহলৰ পৰা লিফ্টৰ সুৰংগত পৰিল শ্ৰমিক

গুৰুতৰভাবে আহত শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি

আৱাসীৰ মৌনতা ৰহস্য জনক!

চাইন অন ডেস্ক,২১আগষ্ট:

আজি ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াত সংঘটিত এক ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গীস্থিত পুষ্পধৰ এপাৰ্টমেণ্টত সংঘটিত হয় এক ভয়ংকৰ শিহৰণকাৰী ঘটনা। এপাৰ্টমেণ্টটোৰ লিফ্ট মেৰামতি কৰি থকা অৱস্থাত প্ৰায় ছয় মহলৰ ওপৰৰ পৰা লিফ্টৰ সুৰংগত পৰি গুৰুতৰভাৱে আহত হয় দ্বীপ সোণোৱাল নামৰ এজন শ্ৰমিক।ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী আৰু এচ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত শ্ৰমিকজনক উদ্ধাৰ কৰে।আহত শ্ৰমিকজনক উদ্ধাৰৰ বাবে লিফ্টৰ সুৰংগত নামি যোৱা আন দুজন শ্ৰমিকো সেই স্থানতে আবদ্ধ হৈ পৰে।পৰৱৰ্তী সময়ত এচডিআৰএফৰ জোৱানসকলে অভিযান চলাই আবদ্ধ শ্ৰমিক দুজনকো সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।অভিযোগ অনুসৰি, লিফ্ট মেৰামতিৰ কামত নিয়োজিত শ্ৰমিকসকলক ঠিকাদাৰ মুন্না সিঙে কোনো ধৰণৰ প্ৰয়োজনীয় সুৰক্ষা সঁজুলি প্ৰদান কৰা নাছিল। ফলত কাম কৰি থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
ইফালে ঘটনাটোৰ পাছত পুষ্পধৰ এপাৰ্টমেণ্টৰ বাসিন্দাসকলৰ ভূমিকা সন্দৰ্ভতো উঠিছে গুৰুতৰ প্ৰশ্ন। অভিযোগ অনুসৰি, আহত শ্ৰমিকজনক উদ্ধাৰ কৰাৰ পাছতো সহায়ৰ বাবে এপাৰ্টমেণ্টটোৰ কোনো লোক আগবাঢ়ি অহা নাছিল। আনকি বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কোনো লোকে নিজৰ বাহন আগবঢ়োৱাৰ লগতে এম্বুলেঞ্চলৈ ফোন কৰিও সহায় কৰা নাছিল বুলি অভিযোগ উঠিছে।
ফলত গুৰুতৰভাৱে আহত শ্ৰমিকজনক অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনতে চিকিৎসালয়লৈ লৈ যাবলগীয়া হয়।শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত নকৰাকৈ এনে বিপজ্জনক কামত নিয়োজিত কৰাৰ অভিযোগ আৰু দুৰ্ঘটনাৰ পাছত আহত ব্যক্তিৰ প্ৰতি দেখুওৱা উদাসীনতাক লৈ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *