গ্ৰাম্য বজাৰ নিৰ্মাণৰ উদ্দেশ্যে ভূমি আৱণ্টন
পত্ৰ প্ৰদান মটক স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ দীপজয় শইকীয়াৰ
চাইন অন ডেস্ক,২১আগষ্টঃ
ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বকুল মাজগাঁৱৰ খিলঞ্জীয়া লোকসকলৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ আৰ্থ-সামাজিক দিশৰ বিকাশৰ উদ্দেশ্যে এখন গ্ৰাম্য বজাৰ নিৰ্মাণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে মটক স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ দীপজয় শইকীয়াই ডিব্ৰুগড়ৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। সম্প্ৰতি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ অৰ্থনীতি সবলীকৰণৰ উদ্দেশ্যে গ্ৰাম্য বজাৰ নিৰ্মাণত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। সেই পৰিপ্ৰেক্ষিতত বকুল মাজ 
