ডিব্ৰুগড়ত আৰক্ষীৰ জালত কোটি টকীয়া প্ৰৱঞ্চক ইমতিয়াজ হুছেইন
আত্মগোপন ঘৰৰ এটা গোপন কোঠাৰ বিচনাৰ তলত!
২০০৯ চনৰ লোকসভা নিৰ্বাচনত ইমতিয়াজ ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল
চাইন অন ডেস্ক,২০আগষ্টঃ

ৰোডস্থিত ইমটিয়াজৰ বাসগৃহত দণ্ডাধীশক লগত লৈ আৰক্ষীয়ে এই অভিযান চলায়৷ জানিব পৰা মতে, আজি ডিব্ৰুগড় আৰক্ষীয়ে ইমতিয়াজ হুছেইনক বিচাৰি টি আৰ ফুকন ৰোডস্থিত তেওঁৰ বাসগৃহত অভিযান চলায়। কিন্তু আৰক্ষী অহাৰ উমান পাই ইমতিয়াজে পত্নীসহ ঘৰৰ ভিতৰৰ এটা গোপন কোঠাত আত্মগোপন কৰি দুৱাৰ বন্ধ কৰি লয়। আৰক্ষীয়ে প্ৰায় কেইবাঘণ্টা ধৰি অব্যাহত ৰখা অভিযানৰ অন্তত বাধ্য হৈ দণ্ডাধীশৰ উপস্থিতিত গৃহৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে। ইমানৰ পিছতো আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা প্ৰৱঞ্চকজনক অৱশেষত
এটা কোঠাৰ বিছনাৰ তলত লুকাই থকা অৱস্থাত আৰক্ষীয়ে আৱিষ্কাৰ কৰে আৰু কৰায়ক্ত কৰে। অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ পিছত ইমতিয়াজে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ক’তো লুকুৱা নাছিল, ঘৰৰ ভিতৰতে আছিল আৰু আৰক্ষীয়ে তেওঁক কিয় ধৰি লৈ গৈছে সেয়া তেওঁ নিজেই নাজানে। আৰক্ষীয়ে এই অভিযানতে ইমতিয়াজৰ পত্নীকো আটক কৰিছে৷ অভিযান কালত আৰক্ষীয়ে প্ৰৱঞ্চকগৰাকীৰ বাসগৃহৰ গেৰেজৰ পৰা কেইবাখনো বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা বাহনসমূহৰ ভিতৰত আছে— মাৰ্চিডিজ বেঞ্জ (এ এছ ০১ টি চি ২৭৯২,
ইনভা ক্ৰেষ্টা (এ এছ ০১ ই এল ১১৮৩) আৰু এখন আই-১০ গাড়ী ( এ এছ ০৬ টি ৭২৮৬)। প্ৰৱঞ্চক ইমতিয়াজ হুছেইনে দীৰ্ঘদিন ধৰি বিভিন্ন জালিয়াতি আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপ চলাই আহিছিল। কেতিয়াবা নিবনুৱাক চাকৰি দিয়াৰ নামত, কেতিয়াবা একাংশ লোকক দোকান দি তাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি বিনা দ্বিধাই ঘূৰি ফুৰিছিল প্ৰৱঞ্চক ইমটিয়াজ৷ ইয়াৰ উপৰি তেওঁৰ বিৰুদ্ধে কেতিয়াবা নিজকে ডাক্তৰ, কেতিয়াবা অধিবক্তা আদি ভুৱা পৰিচয় দিয়াৰো গুৰুতৰ অভিযোগ আছে। উল্লেখ্য যে, ২০০৯ চনৰ লোকসভা নিৰ্বাচনত ইমতিয়াজ হুছেইনে
ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ডিব্ৰুগড় সদৰ থানাত ইমতিয়াজৰ বিৰুদ্ধে একাধিক পঞ্জীয়নভুক্ত গোচৰ বৰ্তমানো চলি আছে। ইয়াৰ ভিতৰত ১৭১ চি/১৫ আৰু ৮/১৫ নম্বৰৰ গোচৰৰ লগতে Negotiable Instruments Act ১৩৮ ধাৰাৰ অধীনত চেক বাউন্সৰ গোচৰো পঞ্জীয়ন হৈ আছে। বিত্তীয় লেনদেন আৰু বাণিজ্যিক চুক্তিৰ নামত সাধাৰণ মানুহক ঠগি অহা এইজনা মহা প্ৰৱঞ্চকৰ গ্ৰেপ্তাৰৰ খবৰে এতিয়া সমগ্ৰ ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।