ডব্লিউ ডব্লিউ ই’ৰ তাৰকা খালিৰ অসম ভ্ৰমণ
বানাক্ৰান্তক সাহায্য সামগ্ৰী আগবঢ়াবলৈ শিৱসাগৰলৈ
দুদিন বানাক্ৰান্ত ৰাইজৰ স’তে কটাব খালিয়ে
চাইন অন ডেস্ক,২০আগষ্ট:

‘ট্ৰু হোপ ফাউণ্ডেচন’ (True Hope Foundation), ‘অসম ইউথ এক্সন নেটৱৰ্ক’ (AYAN) আৰু ‘দীপলিনা ডেকা ফাউণ্ডেচন’ৰ যৌথ উদ্যোগত অনুষ্ঠিত সাহায্য বিতৰণ কাৰ্যসূচীত খালি-য়ে অংশগ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে তেওঁ শিৱসাগৰ জিলাৰ দৰিকা অঞ্চলৰ ৪০০ তকৈও অধিক বানাক্ৰান্ত পৰিয়ালক বিছনা,তুলি, গাৰু, ফিল্টাৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিব।শিৱসাগৰৰ বান পৰিস্থিতিয়ে কালি এমাহ সম্পূৰ্ণ কৰাৰ সময়তে তেওঁৰ এই ভ্ৰমণক বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে। চলিত বৰ্ষৰ ১৯ জুলাইৰ পৰা জিলাখনত বান পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰাৰ লগতে ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হৈছিল।
অসম ভ্ৰমণ সম্পৰ্কে সংবাদ মাধ্যমৰ আগত খালি-য়ে কয় যে তেওঁৰ একমাত্ৰ উদ্দেশ্য হ’ল বানাক্ৰান্ত সকলৰ কাষত থিয় দিয়া।’ইয়ালৈ 
মল্লযুঁজৰ তাৰকাগৰাকীয়ে লগতে কয় যে এটা হ্ৰস্বম্যাদী ভ্ৰমণেও ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ‘যদিও বেছি সময়ৰ বাবে নহয়, তথাপিও আমি এটা বা দুটা দিন সময় উলিয়াই এনেদৰে সহায়ৰ হাত আগবঢ়াব পাৰো, যিয়ে তেওঁলোকক সাহস দিব। মোৰ এই ভ্ৰমণ দুদিনীয়া—আজি আৰু কাইলৈ মই বানাক্ৰান্তৰ ওচৰত কটাম। পিছত আকৌ মাতিলে মই পুনৰ আহিম, বুলিও তেওঁ কয়।
অসম আৰু ইয়াৰ ৰাইজৰ সৈতে থকা হৃদ্যতাপূৰ্ণ সম্পৰ্কৰ বিষয়েও খালি-য়ে ব্যক্ত কৰে।অসম অতি সুন্দৰ। ইয়াৰ মানুহবোৰ অতি মৰমিয়াল আৰু গাঁৱলীয়া সৰল মনৰ। যিহেতু মই নিজেও গাঁৱৰ পৰা আহিছো, গতিকে মই তেওঁলোকৰ সৈতে এক আত্মিক সংযোগ অনুভৱ কৰো। মই অসমক বহুত ভাল পাওঁ, বুলি পুনৰাই তেওঁ কয়।

ডব্লিউ ডব্লিউ ই-ৰ প্ৰাক্তন ৱৰ্ল্ড হেভীৱেইট চেম্পিয়নগৰাকীৰ এই ভ্ৰমণক স্থানীয় ৰাইজ আৰু সাহায্য সংস্থাসমূহে আদৰণি জনাইছে। তেওঁলোকে আশা কৰে যে তেওঁৰ(খালি) উপস্থিতিয়ে শিৱসাগৰ তথা অসমৰ অন্যান্য বানাক্ৰান্ত অঞ্চলসমূহৰ দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰে এক বিশেষ দৃষ্টি আকৰ্ষণ কৰিব।