...

গোলকগঞ্জত ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

গোলকগঞ্জত ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

ধুবুৰী,২০আগষ্ট:

ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে আজি Mule Account ব্যৱহাৰ কৰি অনলাইনত টকা লেনদেনৰ অভিযোগত জড়িত এজন যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, ছুৰ মহাম্মদ মণ্ডলে বিভিন্ন লোকৰ বেংক একাউণ্ট Mule Account হিচাপে ব্যৱহাৰ কৰি ছাইবাৰ অপৰাধৰ জৰিয়তে অহা টকা লেনদেন কৰাৰ লগত জড়িত হৈ পৰিছিল । গোপন খবৰৰ ভিত্তিত আজি গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই তেওঁক পূৱ কানুৰীৰ পৰা আটক কৰে। এই সন্দৰ্ভত গোলকগঞ্জ থানাত ১৭২/২০২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ১১২/৩১৮(৪)/৩১৯(২)/৩৩৬(৩)/৩৪০(২)/৬১(২) ধাৰাত গোচৰ ৰুজু কৰে । আৰক্ষীয়ে অভিযুক্ত ছুৰ মহাম্মদ মণ্ডলক আজি ধুবুৰী আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ যে, ভাৰত বাংলাদেশ সীমান্ত অঞ্চলটোত ছাইবাৰ অপৰাধ বাঢ়ি অহাত আৰক্ষীয়ে এনে অভিযান চলায়। গ্ৰেপ্তাৰ হোৱা ছুৰ মহাম্মদ মণ্ডলৰ ঘৰ গোলকগঞ্জৰ পূৱ কানুৰী গাঁৱত।

Leave a Reply

Your email address will not be published. Required fields are marked *