...

মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ নিজ গৃহ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ!

মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ নিজ গৃহ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ!

ছাগলীয়া আৰক্ষী চকীত এজাহাৰ দাখিল
পলাতক অভিযুক্ত ওৱাহেদ আলী সৰকাৰ

ধুবুৰী,২১আগষ্ট:

ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ আগমনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ছাগলীয়া গাঁও পঞ্চায়তৰ অধীনৰ বিদ্যাৰডাবৰী প্রথম খণ্ডত চৰকাৰী আঁচনিৰ নামত দুৰ্নীতিৰ গুৰুতৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাগলীয়া গাঁও পঞ্চায়তৰ বিদ্যাৰডাবৰী প্ৰথম খণ্ডৰ সদস্যা মফিদা বিবিৰ স্বামীৰ বিৰুদ্ধে দুখীয়া ৰাইজৰ পৰা চৰকাৰী ঘৰ দিয়াৰ নামত ধন আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ মতে , ওৱাহেদ আলী সৰকাৰে বিগত কিছুদিন ধৰি গাঁওখনৰ দুখীয়া পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ চৰকাৰী ঘৰ দিয়াৰ প্ৰলোভন দেখুৱাইছিল। ইয়াৰ বিনিময়ত প্ৰতিজনৰ পৰা ১ ৰ পৰা ৫ হাজাৰ টকালৈকে ধন সংগ্ৰহ কৰিছিল । ধন লোৱাৰ পিছত ওৱাহেদ আলীয়ে বিভিন্ন অজুহাত দেখুৱাই “কাম চলি আছে, অলপ পিছত পাব” বুলি দিনৰ পিছত দিন পাৰ কৰিবলৈ ধৰিলে। আনহাতে আটাইতকৈ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ আব্দুছ ছালাম নামৰ এজন ভুক্তভোগীয়ে ।ওৱাহেদ আলী সৰকাৰে আব্দুছ ছালাম নামৰ ব্যক্তিজনৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰৰ পৰা ঘৰ নিৰ্মাণৰ বাবে ধন লাভ কৰিছিল। কিন্তু সেই ধনৰ পৰা প্ৰায় ২০,০০০ টকা ওৱাহেদ আলী সৰকাৰে বেংক একাউণ্টৰ পৰা কৌশলেৰে লুটি নিয়ে । অৱশ্য আব্দুছ ছালামৰ সন্দেহ হোৱাত আগমনী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খবৰ লোৱাৰ পাছত জানিব পাৰে ২০ হাজাৰ টকাটো চৰকাৰী ঘৰৰ নামত আহিছিল। তাৰ পিছত ওৱাহেদ আলী সৰকাৰৰ সম্পূৰ্ণ টকা ওভতাই বিচাৰে। কিন্তু সৰকাৰে সকলো মিছা বুলি কৈ টকা ঘূৰাই নিদিলে। উপাইহীন হৈ আব্দুছ ছালামে যোৱা ১০ আগষ্টত ওৱাহেদ আলী সৰকাৰৰ বিৰুদ্ধে ছাগলীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁ দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰে।কিন্তু এজাহাৰ দাখিলৰ ১১ দিন পাৰ হোৱাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈকে অভিযুক্ত ওৱাহেদ আলী সৰকাৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই ফলত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ছাগলীয়া গাঁও পঞ্চায়ত গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ নিজ গৃহ পঞ্চায়ত। নিজ সমষ্টিতেই এনেধৰণৰ দুৰ্নীতিৰ অভিযোগ উঠাত ৰাজনৈতিক মহলতো চৰ্চা আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *