...

আগমনিৰ অমৃত সৰোবৰৰ পৰা মৃতদেহ উদ্ধাৰ

আগমনিৰ অমৃত সৰোবৰৰ পৰা মৃতদেহ উদ্ধাৰ

হত্যাৰ সন্দেহ পৰিয়ালৰ
বুধবাৰ পৰা নিৰুদ্দেশ আছিল

আগমনি,২১আগষ্ট:

ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত সিন্দুৰাই গাঁৱৰ অমৃত সৰোবৰৰ পৰা আজি ৰাতিপুৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো সিন্দুৰাই প্ৰথম খণ্ড গাঁৱৰ বাবুৰ আলীৰ বুলি জানিব পৰা গৈছে । যোৱা বুধবাৰৰ নিশা ঘৰৰ পৰাই নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে বিচাৰি ফুৰিছিল। আজি পুৱা কেইজনমান স্থানীয় লোকে অমৃত সৰোবৰ বিলৰ পানীত এটা মৃতদেহ ভাহি থকা প্ৰত্যক্ষ কৰে। লগে লগে আগমনি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে আহি মৃতদেহটো বাবুৰ আলীৰ বুলি চিনাক্ত কৰে। ঘটনা সন্দৰ্ভত আগমনি আৰক্ষীয়ে
তদন্ত আৰম্ভ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সকলো স্পষ্ট হ’ব । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইপিনে, এনে ঘটনা সংঘটিত হোৱাত সিন্দুৰাই অঞ্চলৰ ৰাইজৰ মাজত আতংক বিৰাজ কৰিছে। দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *