...

কোন এই অতুল বৰা ?

কোন এই অতুল বৰা ?

অতুল বৰাৰ অতপালিত অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ!

নগৰবেৰা,২১আগষ্ট:

এইবাৰ পোহৰলৈ আহিছে ভুৱা লাট মণ্ডলৰ অতপালিৰ তথ্য।ভূমি পট্টা দিয়াৰ প্ৰলোভন দি ধন ঘটাৰ ফন্দি স্বয়ম্ভু লাটমণ্ডলৰ |উল্লেখ্য যে কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা এন চি গাঁৱৰ কেইবাশ লোকে ভূমি পট্টা বিচাৰি অনলাইন আবেদন কৰিছিল , লোকসকলৰ ফোনত যোগাযোগ কৰি নিজকে লাট মণ্ডল বুলি পৰিচয় দি পট্টাৰ কাম কৰি দিয়াৰ নামত লোকৰপৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ ভুৱা লাটমণ্ডল জনৈক অতুল বৰাৰ বিৰুদ্ধে।নিজকে লাট মণ্ডল অতুল বৰা বুলি পৰিচয় দি ৮১৩৪৮-১০৭১০ নম্বৰৰপৰা ইতিমধ্যে অধিকাংশ আবেদন কাৰীক ফোন কৰি পট্টা কৰি দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰিছে মোটা অংকৰ ধন।ঘটনাৰ বিষয়ে তথ্য প্ৰমাণসহ ভূক্তভোগীয়ে মন্দিৰা আৰক্ষী চকীত অভিযোগ দিও সুফল নোপোৱাৰো অভিযোগ।উপায়ন্তৰ হৈ একাংশ লোকে চাইবাৰ চেল’ৰ উপৰি নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ ওচৰতো লিখিত অভিযোগ দাখিল কৰিছে।ভুৱা লাট মণ্ডল আৰু দালাল চক্ৰৰ বিৰুদ্ধে সম্প্ৰতি অতিষ্ট হৈ পৰিছে অঞ্চলবাসী। অপৰাধী চক্ৰটোক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবীত একাংশ ভূক্তভোগী লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।শীঘ্ৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ চক্ৰটোক উৎখাত কৰিবলৈ কামৰূপৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক দাবী জনাইছে ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *