...

অসম–মেঘালয় সংঘাতক লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া

অসম–মেঘালয় সংঘাতক লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া

দোষীক গ্ৰেপ্তাৰ, ক্ষতিপূৰণ আৰু ক্ষমা বিচৰাৰ দাবী

চাইন অন ডেস্ক,২১আগষ্টঃ

শেহতীয়াভাৱে অসম–মেঘালয় সীমান্তত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু মেঘালয়ত অসমৰ পৰা যোৱা যান-বাহন তথা পৰ্যটকৰ ওপৰত আক্ৰমণৰ ঘটনাক লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আজি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে সংবাদ মাধ্যমলৈ এক গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতি প্ৰেৰণ কৰে। প্ৰেছ বিবৃতিটোত উল্লেখ কৰা অনুসৰি, শেহতীয়াভাৱে মেঘালয়ত খাছি ছাত্ৰ সন্থাৰ উদ্যোগত একাংশ খাছি লোকে অসমৰ পৰা মেঘালয়লৈ যোৱা যান-বাহন আৰু পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অসম জাতীয়তাবাদী যুৱ পৰিষদে এনে ঘটনাক তীব্ৰভাৱে গৰিহণা জনোৱাৰ লগতে অসমৰ নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে। সংগঠনটোৱে অভিযোগ কৰে যে, ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত মেঘালয়ত অসমৰ গাড়ীচালক আৰু পৰ্যটকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়া হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মেঘালয়ৰ তিনিগৰাকী স্থানীয় নেতাক আটক কৰা হৈছে যদিও, অসমৰ লোক আৰু যান-বাহনৰ ওপৰত হোৱা আক্ৰমণৰ বাবে মেঘালয় চৰকাৰে বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে দুখ বা খেদ প্ৰকাশ নকৰাত সংগঠনটোৱে অসন্তুষ্টি প্ৰকাশ কৰে। অসম জাতীয়তাবাদী যুৱ পৰিষদে স্পষ্ট কৰি দিয়ে যে, অসমৰ গাড়ীচালক আৰু পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱা তথা যান-বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰা সকলো অভিযুক্তক অনতিবিলম্বে কৰায়ত্ত কৰিব লাগিব। লগতে ক্ষতিগ্ৰস্ত যান-বাহনসমূহৰ সম্পূৰ্ণ মেৰামতিৰ ব্যৱস্থা কৰাৰ উপৰি মেঘালয় চৰকাৰে এই ঘটনাৰ বাবে অসমৰ ৰাইজৰ ওচৰত অনতিবিলম্বে ক্ষমা বিচাৰিব লাগিব বুলি দাবী জনায়। অন্যথা সংগঠনটোৱে মেঘালয়ৰ বিৰুদ্ধে সামগ্ৰিক অৱৰোধকে ধৰি কঠোৰ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে। ইফালে, অসমৰ পথ ব্যৱহাৰ আৰু আন্তঃৰাজ্যিক যান-বাহনৰ কৰ ব্যৱস্থাক লৈও প্ৰেছ বিবৃতিটোত প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে। উদয়ন কুমাৰ গগৈয়ে কয় যে, অসমৰ ৰাইজে নিজৰ বাহন ক্ৰয় কৰাৰ সময়ত বিভিন্ন কৰ পৰিশোধ কৰাৰ লগতে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পথ কৰ, পাৰ্কিং মাচুল আৰু ৰাষ্ট্ৰীয় ঘাইপথত টোল মাচুলো পৰিশোধ কৰিবলগীয়া হয়। তেনেক্ষেত্ৰত মেঘালয়ৰ পৰা অসমলৈ অহা যান-বাহনৰ ক্ষেত্ৰত একেধৰণৰ পথ ব্যৱহাৰৰ মাচুল বা কৰ ব্যৱস্থা কিয় প্ৰযোজ্য নহয়, সেই বিষয়টো চৰকাৰে স্পষ্ট কৰা উচিত। তেওঁ লগতে কয় যে, অসম আৰু মেঘালয়ৰ মাজত আন্তঃৰাজ্যিক যাতায়াত দুয়োখন ৰাজ্যৰ বাবেই গুৰুত্বপূৰ্ণ। মেঘালয়ৰ বহু লোক চিকিৎসা, শিক্ষা, ব্যৱসায়-বাণিজ্য তথা বিমান যাত্ৰাৰ বাবে গুৱাহাটীলৈ আহে। একেদৰে অসমৰ বহু লোকো পৰ্যটন আৰু অন্যান্য কামত মেঘালয়লৈ যায়। সেয়েহে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক সন্মান, সমতা আৰু নিৰাপত্তা নিশ্চিত কৰাটো অত্যন্ত জৰুৰী। উদয়ন কুমাৰ গগৈয়ে কয়, “ডাবল গুটি অসমৰ ৰাস্তা ইপাৰে খেলাই, এপাৰে অসম, আনটোপাৰে শ্বিলং।” তেওঁৰ মতে, আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত কৰ, পথ ব্যৱহাৰ আৰু নিৰাপত্তাৰ বিষয়ত দুয়োখন ৰাজ্যৰ মাজত সমতা আৰু পাৰস্পৰিকতা বজাই ৰখা প্ৰয়োজন। সংগঠনটোৱে লগতে স্পষ্ট কৰে যে অসমৰ ৰাইজে কোনো ধৰণৰ সংঘাত নিবিচাৰে। কিন্তু অসমৰ নাগৰিক আৰু যান-বাহনৰ নিৰাপত্তা, সম অধিকাৰ, ন্যায়সংগত কৰ ব্যৱস্থা আৰু পাৰস্পৰিক সন্মান নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। সেয়েহে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে আলোচনাৰ মাধ্যমেৰে উদ্ভৱ হোৱা সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *