...

জে কে বৰুৱা আন্তঃ জিলা ক্ৰিকেট

জে কে বৰুৱা আন্তঃ জিলা ক্ৰিকেট

ধেমাজিৰ ইনিংছ ব্যবধানত জয়

চাইন অন ডেস্ক,২১আগষ্ট:

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত চলি থকা জেকে বৰুৱা আন্তঃ জিলা ১৯ বছৰৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ধেমাজি জিলা দলে বিশ্বনাথ জিলা দলক এক ইনিংছ আৰু ৯২ ৰাণত পৰাস্ত কৰে। ধেমাজি জিলা দলে প্ৰথম ইনিংছত ৯ উইকেট হেৰুৱাই ২২১ ৰান কৰি ইনিংছ ঘোষণা কৰে। দলৰ হৈ বিবেক থাপাই সৰ্বাধিক ৪৪ ৰান কৰাৰ উপৰিও প্ৰকাশ বাৰলাই ৪১ ৰান কৰে। বিশ্বনাথ জিলা দলে প্ৰথম ইনিংছত বেটিং কৰিবলৈ আহি ধেমাজিৰ শ্যাম বাবু ৰাইৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি ৮৪ ৰানতে সকলো উইকেট হেৰুৱায় ফ’লঅন খায়। শ্যাম বাবুৱে ৬ টা উইকেট লাভ কৰে। আজি পুনৰ বিশ্বনাথ জিলা দলে দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ আহি শ্যাম বাবুৰ বলিংৰ সমূখত ধৰাশায়ী হৈ ৪৫ ৰানতে সকলো উইকেট হেৰুৱাই ইনিংছ ব্যবধানত পৰাস্ত হয়। শ্যাম বাবুৱে পুনৰ ৬ টা উইকেট লাভ কৰে। তেওঁ খেলখনত সামগ্ৰিকভাৱে ১২ টা উইকেট লাভ কৰে। খেলখনৰ পৰা ধেমাজি জিলাই ৭ পইণ্ট লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *