ঐতিহাসিক চৰাইবাহী ১৬৮ বছৰীয়া কমিটী ভাওনা মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত ৰঙীন হৈ উঠিল ৰাজপথ
নগাঁও :–
নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া চৰাইবাহীত ১৮৫৮ চনৰ পৰাই প্ৰচলিত ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটী ভাওনাৰ লগত সংগতি ৰাখি ৰবিবাৰে সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰিলে ৰাজ্যবাসীক ৷ ১৬৮টা বছৰত ভৰি দিয়া এই ভাওনা মহোৎসৱ প্ৰতি তিনি বছৰৰ মূৰে-মূৰে অনুষ্ঠিত হৈ আহিছে। এইবছৰো ৫৬সংখ্যক মহোৎসৱত চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ
মন্দিৰত একেলগে মঞ্চায়ন হ’ব ১৫খনকৈ অংকীয়া নাট৷ ৰবিবাৰে ১৬৮ বছৰীয়া এই কমিটী ভাওনা উদযাপনস্থলীত উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। কণ-কণ শিশুসকলৰ পৰা বয়োজ্যেষ্ঠ লোকসকলে অংশগ্ৰহণ কৰে শোভাযাত্ৰাত। বাৰেৰহণীয়া এই সাংস্কৃতিক শোভাযাত্ৰাৰে ৰঙীন হৈ উঠিল ৰাজপথ। কমিটী
ভাওনাৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। লগতে উপস্থিত থাকে কণ্ঠশিল্পী কৃষ্ণমণি নাথ। এই সাংস্কৃতিক শোভাযাত্ৰাত স্থানীয় সহস্ৰাধিক গাঁওবাসীয়ে অংশগ্ৰহণ কৰে। সম্প্ৰতি এই কমিটী ভাওনা মহোৎসৱক লৈ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ নামঘৰসমূহত এক ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে । সন্ধ্যাপৰত গায়ন-বায়ন,খোল-তাল আৰু ভাৱৰীয়াৰসকলে আখৰাত গোৱা বচনৰ কণ্ঠস্বৰত যেন বৈ আহে ভক্তিৰ নিজৰা। বিভিন্ন কাৰ্যসূচীৰে সমৃদ্ধ এইবাৰৰ কমিটী ভাওনা। উল্লেখ্য যে এই অংকীয়া ভাওনাৰ আৰম্ভণি হৈছিল ১৮৫৮ চনত চিপাহী বিদ্ৰোহৰ শেষত ভাগত। ৰাণী ভিক্টোৰিয়াক আদৰণি জনাই আনন্দ উৎসৱ কৰা এই অনুস্থানে পৰ্যায়ক্ৰমে কমিটী ভাওনালৈ ৰূপান্তৰ হয়। বিগত বছৰসমূহৰ দৰে এইবছৰো বিভিন্ন কাৰ্যসূচীৰে অনুস্থিত হৈছে কমিটী ভাওনা। উল্লেখ্য যে ঐতিহাসিক এই কমিটী ভাওনা মহোৎসৱে শংকৰী কলা-কৃষ্টি বিকাশত অৰিহণা যোগাই অহাৰ উপৰি জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলোকে একতা,সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ।