ডিব্ৰুগড় মহানগৰৰ টিংখাং মাটিকটাত চপৰা-চপৰেকৈ খহিছে বৰলুইত
আতংকিত নৈপৰীয়াবাসী
চাইন অন ডেস্ক,১৭আগষ্ট:


তথাপিও বিভাগীয় লোকৰ কোনো তৎপৰতা নাই বুলিও একাংশ মহিলাই ক্ষোভৰে প্ৰকাশ কৰি কয় যে — যিটো ঠিকাদাৰী প্ৰতিষ্ঠানে জিঅ’ বেগ স্থাপনৰ কাম কৰি আছে সেয়া মুঠেও বিজ্ঞানসন্মত নহয়।সেই জিঅ’ বেগ মুঠৰ ওপৰত নদীত পেলাই কেৱল নিজৰ পকেট গৰম কৰিছে বুলিও বহু আক্ষেপ প্ৰকাশ কৰে।ডিব্ৰুগড় মহানগৰৰ পৰা মোহনাঘাটৰ পৰা বগীবিল দিশত প্ৰায় তিনি কিলোমিটাৰ আগুৱাই গলে পোৱা যাব টিংখাং মাটিকটা।ইয়াতেে,যোৱা দুদিন ধৰি ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে।যাৰ ফলত নৈ পৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া পৰিস্থিতি হৈছে।চকুৰ সন্মুখতে তামোল বাৰী,বাঁহনি,বিভিন্ন গছ খহনীয়াৰ কবলত পৰিছে।নিশা হোৱা গড়া খহনীয়াৰ শব্দত স্থানীয় লোক উচল খাই পৰে।যেন চৌদিশে এক অনিশ্চিত ভবিষ্যত।উল্লেখ্য যে
বিগত প্ৰায় পাঁচ দশক ধৰি ব্ৰহ্মপুত্ৰৰ অব্যাহত খহনীয়াই মোহনাঘাট টিংখাং ভঙাআলি অঞ্চলত ব্যাপক ধ্বংসযজ্ঞ সংঘটিত কৰি আহিছে। শ-শ বিঘা কৃষিভূমি নদীগৰ্ভত বিলীন হোৱাৰ লগতে বহু পৰিয়ালে নিজৰ ভেটি-মাটি, বাসগৃহ আৰু জীৱিকাৰ মূল সম্বল হেৰুৱাই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।জলসম্পদ বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে। শেহতীয়াকৈ পুনৰ খহনীয়াৰ তীব্ৰতাই অঞ্চলবাসীৰ মাজত অনিশ্চয়তা আৰু আতংকৰ সৃষ্টি কৰিছে। বিগত বৰ্ষত তেতিয়াৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই মহানগৰখনৰ পূজা ঘাটত
খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত উপস্থিত হৈ এছিয়ান ডেভেলপমেন্ট বেংক (এডিবি)ৰ বিত্তীয় সাহায্যত মহানগৰখনৰ মাইজানৰ পৰা মোহনাঘাটলৈ অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো আঁচনিৰ বিপৰীতে প্ৰায় ৩০০ কোটি টকাৰ আবণ্টন দিয়া বুলি মন্তব্য কৰিছিল। লগতে তেওঁ খহনীয়া নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলিও উল্লেখ কৰিছিল। কিন্তু শ শ কোটি আবণ্টন দিয়াৰ পাচতো আজিৰ তাৰিখতো ডিব্ৰুগড়ত বিধ্বংসী খহনীয়া অব্যাহত থকাটো উদ্বেগজনক হৈ পৰিছে।খহনীয়াৰ বিধ্বংসী ৰূপ প্রত্যক্ষ কৰি এতিয়া ৰাইজ দিশহাৰা!