...

ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুলত ভূমি আত্মসাতৰ জালিয়াতি আৰু প্ৰশাসনিক বিশৃংখলতা

ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুলত

ভূমি আত্মসাতৰ জালিয়াতি আৰু প্ৰশাসনিক বিশৃংখলতা

প্ৰাক্তন ছাত্ৰৰ প্ৰতিবাদ আৰু থানাত এজাহাৰ

চাইন অন ডেস্ক,১৭আগষ্টঃ

ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াত অৱস্থিত এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মাৰোৱাৰী হিন্দী হাইস্কুল। বিগত কেইটামান দিন ধৰি বিদ্যালয়খনক লৈ উত্থাপন হোৱা চাঞ্চল্যকৰ অনিয়ম, চৰকাৰী ভূমি অবৈধ হস্তান্তৰ আৰু শিক্ষাৰ্থীসকলৰ মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল ডিব্ৰুগড়ৰ পৰিৱেশ। বিদ্যালয়খনৰ ক্ষুব্ধ প্ৰাক্তন ছাত্ৰ আৰু সচেতন নাগৰিকসকলে একত্ৰিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ডিব্ৰুগড় সদৰ থানাত এক এজাহাৰ দাখিল কৰে। প্ৰাক্তন ছাত্ৰসকলৰ অভিযোগ অনুসৰি, বিগত দুই-চাৰি দিন ধৰি তেওঁলোকে লাভ কৰা খবৰ আৰু পৰিস্থিতিয়ে বিদ্যালয়খনৰ অতি শোচনীয় আৰু ভয়াৱহ ছবিখন উন্মোচন কৰিছে। প্ৰায় দুখীয়া আৰু পিছপৰা পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰা এই বিদ্যালয়খনত শিক্ষাৰ পৰিৱেশ সম্পূৰ্ণৰূপে ভাঙি পৰিছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ চৰকাৰী আঁচনিৰ সুবিধা পোৱাৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে স্কুল পৰিচালনাৰ দায়িত্বত থকা একাংশ লোকৰ স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বাবে বিদ্যালয়খন ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। এই সমগ্ৰ বিতৰ্কৰ আটাইতকৈ গুৰুতৰ দিশটো হৈছে বিদ্যালয়খনৰ ভূমি আত্মসাৎ কৰাৰ প্ৰচেষ্টা। তথ্য মতে, ১৯৭৭ চনৰ ১ অক্টোবৰৰ পৰাই অসম চৰকাৰে

বিদ্যালয়খন সম্পূৰ্ণৰূপে প্ৰাদেশিকীকৰণ কৰিছিল। সেই অনুযায়ী ডিব্ৰুগড় নগৰ মৌজাৰ ৪২৯ নম্বৰ পট্টাৰ অন্তৰ্গত ১৩২ আৰু ১৩৩ নম্বৰ দাগৰ বিদ্যালয়খনৰ ভূমি তথা সা-সম্পত্তি পোনপটীয়াকৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনলৈ আহে। কিন্তু অভিযোগ উত্থাপিত হৈছে যে একাংশ অসাধু চক্ৰই চৰকাৰৰ কোনো ধৰণৰ আইনগত অনুমোদন নোলোৱাকৈ এখন ভুৱা বদলি পত্ৰৰ জৰিয়তে এই বহুমূলীয়া চৰকাৰী মাটিখিনি ‘মাৰোৱাৰী এডুকেশ্যন ফাউণ্ডেশ্যন’ নামৰ এটা ব্যক্তিগত সংস্থাৰ নামলৈ স্থানান্তৰ কৰিছে। লক্ষণীয় যে এই ফাউণ্ডেশ্যনটো মাত্ৰ কেইবছৰমান পূৰ্বে, অৰ্থাৎ ২০২১ চনতহে গঠন কৰা হৈছিল। চৰকাৰী মাটি আত্মসাৎ কৰাৰ অসৎ অভিসন্ধিৰে গঠন কৰা এই সংস্থাটোৰ যোগেদি বৰ্তমান বিদ্যালয়ৰ চৌহদ তথা ভূমিত এক

বিশাল বাণিজ্যিক ভৱন নিৰ্মাণৰ কাৰ্যও দ্ৰুতগতিত চলাই থকা হৈছে। ইয়াৰ লগতে বিদ্যালয়খনত বৰ্তমান প্ৰশাসনৰ দিশৰ পৰাও চূড়ান্ত বিশৃংখলতা বিৰাজ কৰিছে। বিদ্যালয়খনত বৰ্তমান দুজনকৈ প্ৰধান শিক্ষক থকাৰ কথা পোহৰলৈ আহিছে— এটা পক্ষ হৈছে ট্ৰাষ্টৰ দ্বাৰা নিযুক্ত প্ৰধান শিক্ষক আৰু আনটো পক্ষ চৰকাৰীভাৱে স্বীকৃত প্ৰধান শিক্ষক। প্ৰাক্তন ছাত্ৰসকলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কেৱল চৰকাৰীভাৱে স্বীকৃত প্ৰধান শিক্ষকজনকহে মানি ল’ব। ট্ৰাষ্টৰ দ্বাৰা জাপি দিয়া প্ৰধান শিক্ষকক তাৎক্ষণিকভাৱে আঁতৰাবলৈ তেওঁলোকে দাবী জনাইছে৷ ইফালে ক্ষুব্ধ প্ৰতিবাদকাৰী প্ৰাক্তন ছাত্ৰসকলে কয় যে, চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা প্ৰদান কৰিলেও বিদ্যালয় কৰ্তৃপক্ষই তাত বিভিন্ন ধৰণে বাধাৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ অন্যান্য চৰকাৰী বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন নিয়মীয়া ব্যৱস্থা থকা সত্ত্বেও মাৰোৱাৰী হিন্দী হাইস্কুলত কিয় এই সুবিধা প্ৰদান কৰা হোৱা নাই, সেয়া এক ডাঙৰ প্ৰশ্নবোধক চিন হৈ পৰিছে। ইয়াৰোপৰি বিদ্যালয়খনত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ফেন বেয়া হৈ থকা, বাথৰুম লেতেৰা আৰু ব্যৱহাৰ অনুপযোগী হৈ পৰা, পৰ্যাপ্ত লাইট নথকা আৰু শিক্ষকৰ তীব্ৰ অভাৱ ঘটিছে।

বিদ্যালয় কৰ্তৃপক্ষই মেইনটেনেন্সৰ নামত চৰকাৰৰ পৰা একো পুঁজি নাহে বুলি দাবী কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতি বছৰে প্ৰায় ৩,০০০ টকাকৈ সংগ্ৰহ কৰাৰ কথাও পোহৰলৈ আহিছে। যদি ছাত্ৰ-ছাত্ৰীৰ পৰা টকা সংগ্ৰহ কৰা হৈছে, তেন্তে সেই ধনসমূহ ক’ত খৰচ হ’ল, তাৰ কোনো সুদূত্তৰ নাই। প্ৰাক্তন ছাত্ৰসকলৰ মতে, এই সকলোবোৰ অনিয়ম আৰু অৱহেলা কাকতলীয় নহয়। তেওঁলোকৰ সন্দেহ যে একাংশ চক্ৰই মাৰোৱাৰী হিন্দী হাইস্কুলখন ইচ্ছাকৃতভাৱে ধ্বংস কৰি বা বন্ধ কৰি বিদ্যালয়খনৰ মূল্যৱান মাটিখিনি অন্য কোনো বাণিজ্যিক উদ্দেশ্যে হস্তগত কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ চলাইছে। তেওঁলোকে স্পষ্টকৈ সঁকিয়নী দি কয় যে তেওঁলোক থকালৈকে মাৰোৱাৰী হিন্দী হাইস্কুল কোনো কাৰণতে বন্ধ হ’বলৈ দিয়া নহ’ব। বাহিৰত থকা প্ৰাক্তন সেনা বিষয়াকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদত থকা প্ৰাক্তন ছাত্ৰসকলেও এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ যোগাযোগ অব্যাহত ৰাখিছে বুলি তেওঁলোকে অৱগত কৰে। ডিব্ৰুগড় সদৰ থানাত দাখিল কৰা এজাহাৰখনত ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন কঠোৰ ধাৰাৰ অধীনত প্ৰতাৰণা, জালিয়াতি, আৰু অপৰাধমূলক বিশ্বাসঘাটকতা আদি গোচৰ ৰুজু কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈ দাবী জনোৱা হৈছে। লগতে মাটি হস্তান্তৰৰ সৈতে জড়িত সকলো ভুৱা নথিপত্ৰ, চহী আৰু বেংকৰ হিচিপ পত্ৰ অবিলম্বে জব্দ কৰা, বৰ্তমান বিদ্যালয়ৰ ভূমিত চলি থকা সকলো অবৈধ বাণিজ্যিক নিৰ্মাণকাৰ্য তৎকালীনভাৱে বন্ধ কৰা, জিলা আয়ুক্ত আৰু শিক্ষা বিভাগে শীঘ্ৰে হস্তক্ষেপ কৰি বিদ্যালয়খনত এজন যোগ্য প্ৰধান শিক্ষক নিযুক্তি দিয়া আৰু শিক্ষকৰ অভাৱ দূৰ কৰা, মধ্যাহ্ন ভোজন তথা বিদ্যালয়ৰ আন্তঃগাঁথনি ক্ষিপ্ৰতাৰে মেৰামতি কৰা, আৰু এই সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়া তথা ‘মাৰোৱাৰী এডুকেশ্যন ফাউণ্ডেশ্যন’ৰ দায়িত্বশীল ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হৈছে। মহানগৰৰ মাজমজিয়াত সংঘটিত এই ঘটনাৰ পৰিণতিত বৰ্তমান সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশাসন আৰু আৰক্ষীৰ উচিত তদন্তৰ জৰিয়তেহে এই কেলেংকাৰীৰ আচল সত্য আৰু জড়িত চক্ৰটো পোহৰলৈ আহিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *