খাদ্যৰ সন্ধানত জনাঞ্চলত নাহৰফুটুকী !
দেৱানবাৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত পাঁচ
উত্তেজিত লোকৰ জাঠি-জোঙৰ আক্ৰমণত গুৰুতৰভাৱে আহত নাহৰফুটুকী
উন্নত চিকিৎসাৰ বাবে ডিগবৈলৈ প্ৰেৰণ
চাইন অন ডেস্ক,২৩নৱেম্বৰঃ
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা নাহৰফুটুকীক কেন্দ্ৰ কৰি ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত দেৱানবাৰীত সৃষ্টি হয় এক হুৱাদুৱা পৰিস্থিতিৰ। পথৰ কাষৰ ধাননি পথাৰত নাহৰফুটুকীটোৱে মুক্তভাৱে বিচৰণ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে বন বিভাগক খবৰ দিয়াত ডিব্ৰুগড়ৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা এটা বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয়। উল্লেখ্য যে, দেৱানবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি নাহৰফুটুকীয়ে ছাগলী, কুকুৰকে ধৰি বিভিন্ন পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আহিছিল, যাৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত নাহৰফুটুকীৰ বিচৰণক লৈ পূৰ্বৰে পৰা শংকাৰ পৰিৱেশে বিৰাজ কৰি আহিছিল। ইফালে, নাহৰফুটুকীটোৰ উপস্থিতিৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত
সহস্ৰাধিক লোকৰ সমাগম ঘটে আৰু বন বিভাগৰ দলে বন্যপ্ৰাণীটো উদ্ধাৰৰ চেষ্টা চলায়। কিন্তু ইমান বৃহৎ সংখ্যক লোকৰ উপস্থিতিৰ মাজতো নাহৰফুটুকীটো উদ্ধাৰৰ বাবে বন বিভাগৰ হাতত পৰ্যাপ্ত সা-সঁজুলি আৰু প্ৰস্তুতি নথকাৰ অভিযোগ উত্থাপন হৈছে। নাহৰফুটুকীটো কৰায়ত্ত কৰিবলৈ প্ৰয়োজনীয় পিঞ্জৰা অথবা ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা নকৰাকৈ বন বিভাগৰ লোকে এখন জালৰ সহায়ত উদ্ধাৰৰ চেষ্টা চলোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰে। আনহাতে, একাংশ লোকে হাতে হাতে জাঠি-জোং লৈ নাহৰফুটুকীটোৰ কাষ চাপিবলৈ চেষ্টা কৰাত বন্যপ্ৰাণীটোৰ স্বাভাৱিক বিচৰণত বাধাৰ সৃষ্টি হোৱাৰ লগতে ঘটনাস্থলীত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বন বিভাগৰ লোকে জালৰ সহায়ত নাহৰফুটুকীটো কৰায়ত্ত কৰাৰ চেষ্টা চলাইছিল যদিও সেই প্ৰচেষ্টা সফল নহ’ল আৰু ইয়াৰ মাজতে হোৱা খেদাখেদিৰ ফলত নাহৰফুটুকীটোৰ আক্ৰমণত পাঁচজনকৈ লোক আহত হয়। আহত লোককেইজন হৈছে ৰূপেশ্বৰ দাস, কুলামণি দাস, ফুলেশ্বৰ দাস, উৎপল দাস আৰু জয় দাস বুলি জানিবলৈ দিয়াৰ লগতে আহত আটাইকেইজনকে ততাতৈয়াকৈ স্থানীয় লেজাই কলাখোৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে, একাংশ উত্তেজিত লোকে হাতে হাতে জাঠি-জোং লৈ নাহৰফুটুকীটোক আক্ৰমণ কৰাত বন্যপ্ৰাণীটোও গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে প্ৰায় পাঁচ বছৰীয়া মতা নাহৰফুটুকীটোক আহত অৱস্থাত উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ডিগবৈৰ লক্ষীপথাৰত অৱস্থিত বন্যপ্ৰাণী পুনঃসংস্থাপন কেন্দ্ৰলৈ লৈ যায়।
উল্লেখযোগ্য যে, বৰ্তমান ধান পকাৰ বতৰ হোৱাৰ লগতে পথাৰত ধান দোৱাৰ কাম চলি থকাৰ সময়তে খাদ্যৰ সন্ধানত নাহৰফুটুকী জনাঞ্চলৰ কাষলৈ ওলাই অহাৰ সম্ভাৱনা থাকে। এনে পৰিস্থিতিত বন্যপ্ৰাণীটোক ঘেৰাও কৰি উত্তেজিত কৰা বা আক্ৰমণ কৰাৰ পৰিৱৰ্তে নিৰাপদে আঁতৰি যাবলৈ সুবিধা দিয়াৰ লগতে বন বিভাগক উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সময় আৰু পৰিৱেশ প্ৰদান কৰাটো অত্যন্ত জৰুৰী। ইফালে, দেৱানবাৰী অঞ্চলত আন নাহৰফুটুকীৰো অৱস্থিতি থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সেয়েহে বন বিভাগে অঞ্চলটোত নাহৰফুটুকীৰ গতিবিধি নিৰীক্ষণ কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা আৰু বন্যপ্ৰাণীৰ নিৰাপদ উদ্ধাৰৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।