অহা ৩০ নৱেম্বৰত ৰাজহুৱা বন্ধ ঘোষণা
চাইন অন ডেস্ক,২৩নৱেম্বৰ:

আগন্তুক সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (SKAC) আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) নিৰ্বাচন, ২০২৬-ৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তই ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলাখনৰ SKAC আৰু MAC-ৰ অধীনস্থ এলেকাসমূহত অহা ৩০ নৱেম্বৰ, ২০২৬ (সোমবাৰ), ভোটগ্ৰহণৰ দিনটো ৰাজহুৱা বন্ধ হিচাপে ঘোষণা কৰিছে।
অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন (ক) বিভাগৰ যোৱা ১৬ নৱেম্বৰ, ২০২৬ তাৰিখৰ অধিসূচনা আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা পত্ৰৰ ভিত্তিত তথা নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্ট, ১৮৮১-ৰ ২৫ নং ধাৰা অনুসৰি এই বন্ধ ঘোষণা কৰা হৈছে।
সেই অনুসৰি, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত SKAC আৰু MAC-ৰ সংশ্লিষ্ট এলেকাসমূহত অৱস্থিত সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান তথা বেংক আৰু চাহ বাগিচাকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ভোটগ্ৰহণৰ দিনা বন্ধ থাকিব।