কাইলৈৰ গুৰু নানক জয়ন্তী আৰু ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনি দিনীয়া শ্বহিদী দিৱসক কেন্দ্ৰ কৰি ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত বৰ্তমানে চলিছে ব্যাপক প্ৰস্তুতি। উল্লেখ্য যে, প্ৰতি বছৰে অনুষ্ঠিত হোৱা শ্বহিদী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই নহয়, দেশৰ বিভিন্ন প্ৰান্ত আৰু বিদেশৰ পৰাও শিখ ধৰ্মাৱলম্বী লোকৰ সমাগম ঘটে। ইয়াতে, উনুকিয়াব লগা বিষয় এয়াও যে ধুবুৰীৰ এই গুৰুদ্বাৰাৰ সৈতে জড়িত হৈ আছে ইতিহাসৰ গুৰুত্বপূৰ্ণ অধ্যায়। ঐতিহাসিক গুৰুত্ব বহন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰাৰ সৈতে জড়িত হৈ আছে শিখ ধৰ্মৰ প্ৰথম গুৰু গুৰু নানক আৰু নৱম গুৰু শ্ৰী গুৰু টেগ বাহাদুৰৰ স্মৃতি। কথিত ইতিহাস অনুসৰি, ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা উভতি অহাৰ পথত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা ওখ টিলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সাক্ষাৎ হৈছিল গুৰু নানকৰ। পৰৱৰ্তী সময়ত ১৬৬৭ চনত ধুবুৰীত উপস্থিত হৈছিল নৱম শিখ গুৰু টেগ বাহাদুৰ আৰু তেখেতেই এই স্থানত গুৰুদ্বাৰাটো প্ৰতিষ্ঠা কৰিছিল। গুৰু নানক আৰু শ্ৰীমন্ত শংকৰদেৱৰ ঐতিহাসিক সাক্ষাৎ তথা গুৰু টেগ বাহাদুৰৰ স্মৃতি বিজড়িত এই গুৰুদ্বাৰাই ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰত এক বিশেষ মৰ্যাদা বহন কৰি আহিছে। ইপিনে, শ্বহিদী দিৱসৰ সময়ছোৱাত গুৰুদ্বাৰাৰ ধৰ্মীয় কাৰ্যসূচীৰ সমান্তৰালকৈ সমীপৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হয় তিনিদিনীয়া মেলা। এই মেলাক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰী চহৰতে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। ভক্তসকলৰ যাতায়াতৰ সুবিধাৰ্থে প্ৰতিবাৰৰ দৰে এইবেলিও উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ডিব্ৰুগড়-ধুবুৰীৰ মাজত বিশেষ যাত্ৰীবাহী ৰে’লৰ ব্যৱস্থা কৰিছে। উল্লেখনীয় যে, ধুবুৰী চাহিবজী গুৰুদ্বাৰাৰ ঐতিহাসিক পৰিচয়ৰ সৈতে পদ্মপুৰাণত বৰ্ণিত বেহুলা-লখিন্দৰৰ আখ্যানৰ অন্যতম চৰিত্ৰ নেতাই ধুবুনীৰ নামো জড়িত হৈ আছে বুলিও শিখ ধৰ্মাৱলম্বী লোকৰ মাজত আছে এক আস্থা-বিশ্বাসো। ইতিহাস, ধৰ্মীয় পৰম্পৰা আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি অহা ধুবুৰীৰ এই ঐতিহ্যমণ্ডিত গুৰুদ্বাৰা আগন্তুক শ্বহিদী দিৱসৰ সময়ত পুনৰ এবাৰ দেশ-বিদেশৰ ভক্তৰ সমাগমৰ বাবে সাজু হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.