ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত জামিৰাৰ পাত্ৰ গাঁওক পালিত গাঁও হিচাপে গ্ৰহণ-বুজাবুজিৰ চুক্তি স্বাক্ষৰ
চাইন অন ডেস্ক,২৩নৱেম্বৰ:
গ্ৰাম্য উন্নয়ন আৰু সমাজৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে কানৈ বাণিজ্য মহাবিদ্যালয়ে জমিৰা অঞ্চলৰ পাত্ৰ গাঁওখনক পালিত গাঁও হিচাপে গ্ৰহণ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষে গাঁওখনৰ তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত গাঁওখনৰ প্ৰায় ৩০-৪০ গৰাকী ৰাইজৰ লগতে অঞ্চলটোৰ বিশিষ্ট বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।সভাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে কানৈ বাণিজ্য মহাবিদ্যালয় আৰু পাত্ৰ গাঁৱৰ মাজত গাঁওখনক পালিত গাঁও হিচাপে গ্ৰহণ কৰি সামূহিক উন্নয়নৰ বিভিন্ন দিশত কাম কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তি (মউ) স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে গাঁওখনৰ সামাজিক, শৈক্ষিক তথা সামগ্ৰিক উন্নয়নৰ হকে বিভিন্ন জনকল্যাণমূলক
কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।সভাত উপস্থিত থাকে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈ, পাত্ৰ গাঁৱৰ গাঁওবুঢ়া সঞ্জয় পাত্ৰ, ৱাৰ্ড সদস্য প্ৰফুল্ল বৰপাত্ৰগোহাঁই, তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেশ্বৰ গগৈ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অতুল পাত্ৰ।সভাত অধ্যক্ষ ড° জয়দেৱ গগৈয়ে নিজৰ বক্তব্যত গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ ভূমিকা আৰু সমাজৰ সৈতে শিক্ষানুষ্ঠানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে। আনহাতে, প্ৰফুল্ল পাত্ৰ, খগেন্দ্ৰ দাস, ধীৰেশ্বৰ গগৈ, অজিত চেতিয়া, সাৰংগ পাত্ৰ, কুকিল বৰপাত্ৰগোহাঁই আৰু দিব্যজ্যোতি বৰপাত্ৰগোহাঁয়েও বক্তব্য প্ৰদান কৰি পালিত গাঁও গ্ৰহণ কাৰ্যসূচীৰ তাৎপৰ্য, গ্ৰাম্য সমাজৰ সৰ্বাংগীণ উন্নয়ন আৰু এই ক্ষেত্ৰত ৰাইজৰ সক্ৰিয় সহযোগিতাৰ গুৰুত্বৰ বিষয়ে মত প্ৰকাশ কৰে।কানৈ বাণিজ্য মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সমন্বয়ক ড° লুকু মৰাঙে সভাখন পৰিচালনা কৰে।সভাত মহাবিদ্যালয়খনৰ অধ্যাপক ড° নৱজ্যোতি দত্ত, কেশবানন্দ হালৈ, বৰসিং হানচে আৰু ৰিয়া দাসৰ লগতে বিদ্যালয়খনৰ শিক্ষক- কৰ্মচাৰীসকলো উপস্থিত থাকে। কানৈ বাণিজ্য মহাবিদ্যালয়ৰ এই পদক্ষেপক সভাত উপস্থিত ৰাইজে আন্তৰিকতাৰে আদৰণি জনায়। লগতে পাত্ৰ গাঁৱৰ উন্নয়নৰ যাত্ৰাত মহাবিদ্যালয় খনৰ সৈতে সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই পদক্ষেপে শিক্ষানুষ্ঠান আৰু গ্ৰাম্য সমাজৰ মাজত এক সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ লগতে গাঁওখনৰ বহুমুখী উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।মহাবিদ্যালয় খনৰ তথ্য আৰু কেৰিয়াৰ নিৰ্দেশনা কোষৰ সমন্বয়ক ড° মিন্টু কুমাৰ দাসে শলাগৰ শৰাই আগবঢ়ায়।