...

ড্ৰাগছ, ভাং,জুৱা,তীৰ খেলৰ অবাধ প্ৰচলন বন্ধৰ দাবী

ড্ৰাগছ, ভাং,জুৱা,তীৰ খেলৰ অবাধ প্ৰচলন বন্ধৰ দাবী

পদক্ষেপ গ্ৰহণৰ দাবীত বাঙালী যুৱ-ছাত্ৰৰ প্ৰতিবাদ

চাইন অন ডেস্ক,২৩নবেম্বৰ:

যোৱা২২ নৱেম্বৰত ডিব্ৰুগড়ত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰচলন, জুৱা, তীৰ খেল আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেশ্যন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণকৰে। এইসমূহ অসামাজিক কার্যকলাপ শীঘ্ৰে বন্ধ কৰাৰ দাবীত যোৱাকালি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্রুগড় জিলা সমিতিৰ উদ্যোগত এক প্রতিবাদী সমদল বাহিৰ কৰে।ডিব্ৰুগড় জিলাৰ নালিয়াপুল মনসাবাৰীৰ পৰা আৰম্ভ হোৱা এই সমদল গাভৰুপথাৰ তিনিআলিত সামৰণি পৰে। প্ৰতিবাদী কার্যসূচীত সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তাপস দাস, ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি সুশান্ত বেনাৰ্জী,সম্পাদক মিন্টু ভট্টাচাৰ্য ,জিলাৰ বিষয়ববীয়াৰ উপৰিও আঞ্চলিক সমিতিৰ সভাপতি ,সম্পাদক প্ৰমূখ্যে সদস্যসকলে অংশগ্রহণ কৰি ড্ৰাগছ,ভাং, জুৱা আৰু তীৰ খেলৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তাপস দাসে কয় যে ড্ৰাগছৰ দৰে ভয়াৱহ প্রভারে যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। ড্ৰাগছৰ লগতে জুৱা আৰু তীৰ খেলৰ প্ৰচলনে বহু-পৰিয়ালৰ আর্থিক তথা সামাজিক ভেটি থানবান কৰি পেলাইছে আৰু এনে নিচাযুক্ত দ্রব্য আৰু জুৱাৰ আসক্তিৰ পৰিণতিত হুতে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’বলগীয়া হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে যাৰ ফলত পৰিয়ালৰ মাজতো অশান্তি আৰু সংঘাতৰ সৃষ্টি হৈছেবুলি তেওঁ উদ্বেগ প্রকাশ কৰি এনেকুৱা মাৰাত্মক নিচাযুক্ত দ্ৰব্য প্ৰচলন বন্ধ কৰাটো অসমৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ ,সেয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই ড্ৰাগছৰ ব্যৱসায় আৰু সৰবৰাহৰ বিৰুদ্ধে অধিক কঠোৰ আইন প্রণয়ন কৰাৰ দাবী উত্থাপন কৰে তথা ড্ৰাগছ ব্যবসায়ীসকলে যাতে আইনৰ সুৰুঙাৰে সহজে সাৰি যাব নোৱাৰে, তাৰ বাবে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈও তেওঁ দাবী জনায়। বিশেষকৈ ডিব্ৰুগড়ৰ নালিয়াপুল অঞ্চলত ড্ৰাগছৰ, তীৰ খেল আৰু জুৱাৰ প্ৰচলনক লৈ উদ্বেগ প্রকাশ কৰি সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক তাপস দাসে ডিব্ৰুগড় জিলা প্ৰশাসনক শীঘ্ৰেই অভিযান চলাই ড্ৰাগছ মাফিয়া, ভাং, জুৱাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে।

সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেচন ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড় জিলাৰ প্ৰশাসনক এইসমূহ কার্যকলাপ বন্ধ কৰিবলৈ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে। অন্যথা সংগঠনে নিজাববীয়াকৈ প্রতিবাদী পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়াৰ লগতে পৰৱৰ্তী কোনো অপ্রীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষী প্রশাসন দায়ী হ’ব বুলি সকিয়াই দিয়ে।সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক গৰাকীয়ে ড্ৰাগছ,জুৱা ,ভাং আদি নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ,প্ৰচলন বন্ধ কৰি নিচামুক্ত কৰিব পাৰিলেহে এক সমৃদ্ধিশালী ,সুস্থ সবল সামাজিক পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত প্ৰতিফলন হব বুলি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *