...

ঢকুৱাখনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰস্তুতি

ঢকুৱাখনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰস্তুতি

প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ মুখপত্ৰ ‘তীৰ্থ-সংগম’ৰ বাবে লেখা আহ্বান

ঢকুৱাখনা,২৩ নৱেম্বৰ:

উত্তৰ পাৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত অন্যতম ঢকুৱাখনা মহাবিদ্যালয় ।১৯৬৬ চনতে প্ৰতিষ্ঠিত বহু উত্থান-পতনৰ সাক্ষী হৈ চলিত বৰ্ষত গৌৰৱোজ্জ্বল ৬০ টা বছৰত ভৰি দিছে।মহাবিদ্যালয়খনে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ‘ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ’ (NAAC)ৰ দ্বাৰা ‘এ’ গ্ৰেড লাভ কৰি স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰাৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয় হিচাপেও স্বীকৃতি পোৱাৰ দিশে অগ্ৰসৰ হৈছে। ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এই গৌৰৱময় অতীত ৰোমন্থন আৰু ভৱিষ্যতৰ পথ নিৰ্দেশনা তৈয়াৰৰ উদ্দেশ্যে অহা বৰ্ষৰ ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল হীৰক জয়ন্তী মহোৎসৱ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। উক্ত হীৰক জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ মুখপত্ৰ ‘তীৰ্থ-সংগম’ৰ চতুৰ্থ সংখ্যাটিও প্ৰকাশৰ দিহা কৰা হৈছে। মুখপত্ৰখনিত প্ৰকাশৰ বাবে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষাগুৰু, শুভাকাংক্ষী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক – কৰ্মচাৰী সকলৰ পৰা গল্প, প্ৰৱন্ধ, স্মৃতি ৰোমন্থন, অনুভৱৰ লেখা, কোনো উল্লেখযোগ্য ঘটনা প্ৰৱাহৰ স্মৃতি অথবা ফটো আহ্বান কৰা হৈছে। লেখা সমূহ সুন্দৰ হাতৰ আখৰ অথবা ডিটিপি কৰি- অৰুণ চমুৱা, সম্পাদক, ‘তীৰ্থ-সংগম’ ঢকুৱাখনা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা, ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ঠিকনাত অথবা arunchamuah111@gmail.com ত মেইল কৰি নতুবা ৯৮৫৯৫ ১৪৩০৪ নম্বৰত হোৱাটচএপ যোগে অহা ১৫ ডিচেম্বৰ ২০২৬ ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিবলৈ মুখপত্ৰ ‘ ৰ
সম্পাদক অৰুণ চমুৱাই আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *