পঞ্জাৱৰ পৰা পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ’ল অমৃতপাল সিঙক
আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে পঞ্জাৱলৈ নিয়া হৈছিল
চাইন অন ডেস্ক,২২নৱেম্বৰঃ
পঞ্জাৱৰ পৰা পুনৰ ডিব্ৰুগড়লৈ অনা হ’ল ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী তথা খাডুৰ চাহিব লোকসভা সমষ্টিৰ কাৰাবন্দী সাংসদ অমৃতপাল সিঙক। আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে পঞ্জাৱলৈ নিয়া অমৃতপাল সিঙক আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ঘূৰাই অনা হয়।
উল্লেখ্য যে, পঞ্জাৱৰ অমৃতসৰ জিলাৰ জল্লুপুৰ খেৰাস্থিত নিজৰ গাঁৱত আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে যোৱা ২০ নৱেম্বৰত অমৃতপাল সিঙক ডিব্ৰুগড়ৰ পৰা বিমানযোগে দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। পঞ্জাৱ আৰক্ষীৰ উপ-আৰক্ষী
আয়ুক্তৰ নেতৃত্বত অহা পাঁচজনীয়া এটা দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক নিজৰ জিম্মাত লৈ গৈছিল। পৰৱৰ্তী সময়ত দিল্লীৰ পৰা তেওঁক পঞ্জাৱলৈ নিয়া হয়।
আজি নিৰ্ধাৰিত সূচী অনুসৰি তেওঁক পুনৰ ডিব্ৰুগড়লৈ ঘূৰাই অনা হয়। উল্লেখযোগ্য যে, ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ উচ্চ নিৰাপত্তাসম্পন্ন কোঠাত বন্দী হৈ আছে অমৃতপাল সিং।
ইফালে, অমৃতপাল সিঙৰ অধিবক্তা জছবীৰ কৌৰে পূৰ্বেই সংবাদ মাধ্যমৰ আগত ২২ নৱেম্বৰত তেওঁক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ঘূৰাই অনা হ’ব বুলি নিশ্চিত কৰিছিল। আদালতৰ নিৰ্দেশ অনুসৰি, ২১ নৱেম্বৰত দিনৰ ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ তিনি ঘণ্টাৰ বাবে তেওঁক নিজৰ গাঁও জল্লুপুৰ খেৰালৈ নিয়াৰ অনুমতি প্ৰদান কৰা হৈছিল। আইতাক চৰণ কৌৰে যোৱা ৮ নৱেম্বৰত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল।
মানৱীয় দৃষ্টিভংগীৰে অমৃতপাল সিঙক আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা অমৃতসৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে অৱশ্যে স্পষ্ট কৰি দিছিল যে, এই সময়ছোৱাতো তেওঁ আৰক্ষীৰ জিম্মাতে থাকিব লাগিব। ইয়াৰ পূৰ্বে ১৪ নৱেম্বৰত
তেওঁক পঞ্জাৱলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও ডিব্ৰুগড় আৰু অমৃতসৰৰ মাজত উপযুক্ত বিমান সেৱা তথা যাতায়াতৰ ব্যৱস্থা উপলব্ধ নোহোৱাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। পৰৱৰ্তী সময়ত ১৭ নৱেম্বৰত আদালতে নতুন নিৰ্দেশনা জাৰি কৰিছিল।
আদালতে লগতে ২২ নৱেম্বৰত আইতাকৰ চিতাভস্ম সংগ্ৰহৰ কাৰ্যসূচী আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী ভোগ অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ তেওঁক নিৰ্দেশ দিছিল। আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই দুয়োটা অনুষ্ঠানত তেওঁক শাৰীৰিকভাৱে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল। আনহাতে, তেওঁৰ যাতায়াত আৰু নিৰাপত্তাৰ সকলো ব্যয় নিজেই বহন কৰিব লাগিব বুলিও আদালতে নিৰ্দেশ দিছিল।
উল্লেখ্য যে, ২০২৩ চনৰ এপ্ৰিল মাহত অজনালা আৰক্ষী থানাৰ ঘটনাৰ সৈতে জড়িত আৰক্ষীৰ অভিযানৰ পিছত পঞ্জাৱত গ্ৰেপ্তাৰ হৈছিল অমৃতপাল সিং। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত তেওঁক আটক কৰা হৈছিল। কাৰাবন্দী অৱস্থাতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত খাডুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল তেওঁ। একেটা বৰ্ষৰ ৫ জুলাইত সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল অমৃতপাল সিঙে। ২০২৬ চনৰ এপ্ৰিল মাহত তেওঁৰ তিনি বছৰীয়া NSA আটককাল অন্ত পৰিলেও অজনালা গোচৰৰ সৈতে জড়িত হৈ থকাৰ বাবে তেওঁ বৰ্তমানেও কাৰাবন্দী হৈ আছে।