...

১২ডিচেম্বৰৰ পৰা ১০ দিনীয়াকৈ নগাঁও গ্ৰন্থমেলা-২০২৬ৰ আয়োজন

১২ডিচেম্বৰৰ পৰা ১০ দিনীয়াকৈ নগাঁও গ্ৰন্থমেলা-২০২৬ৰ আয়োজন

ছপা আখৰৰ গ্ৰন্থৰ এক সুকীয়া বৈশিষ্ট্য আছে—ৰূপক শৰ্মা

চাইন অন ডেস্ক,২২ নৱেম্বৰ

নগাঁও তথা অসমৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “কল্লোল”ৰ উদ্যোগত নগাঁৱৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত অহা ১২ডিচেম্বৰৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হ’ব নগাঁও গ্ৰন্থমেলা-২০২৬ৰ। এইবছৰৰ গ্ৰন্থমেলাস্থলীৰ নামাকৰণ কৰা হৈছে “হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ ক্ষেত্ৰ”ৰূপে। গ্ৰন্থমেলা ২০২৬ৰ লাইখুঁটা দেওবাৰে স্থাপন কৰে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক তথা গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাই। নগাঁৱৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁৱৰ গ্ৰন্থমেলাৰ এক সুকীয়া ঐতিহ্য আছে। সাম্প্ৰতিক সময়ত প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ ফলশ্ৰুতিত ম’বাইল ফোনৰ জৰিয়তে বিভিন্ন তথ্য সহজতে উপলব্ধ হৈ পৰিছে । তথাপিও ছপা আখৰৰ গ্ৰন্থৰ এক সুকীয়া বৈশিষ্ট্য আছে। নগাঁও গ্ৰন্থমেলাৰ দৰে অনুষ্ঠানৰ জৰিয়তে গ্ৰন্থৰ সমাদৰ বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। শৰ্মাই গ্ৰন্থ, আলোচনী আদি অধ্যয়ন কৰিবলৈ সকলো স্তৰৰ লোকক আহ্বান জনায়। লাইখুঁটা স্থাপন অনুষ্ঠানত কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সভাপতি লোহিত কলিতা,গ্ৰন্থমেলা উদযাপন সমিতিৰ সাধাৰণ সম্পাদকদ্বয় নৌচাদ আখতাৰ হাজৰিকা,শিবানন্দ কাকতি, সমাজকৰ্মী দেৱেন্দ্ৰ সিং চেহমী, পুনিৰাম শইকীয়া আদি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। সাহিত্যৰ পুৰোধা নগঁঞা নৱকান্ত বৰুৱা আৰু ৰুদ্ৰ বৰুৱাৰ শ্ৰদ্ধাৰ্ঘৰে গ্ৰন্থমেলাৰ মূল প্ৰৱেশ দ্বাৰৰ তোৰণ নিবেদন কৰা হৈছে।
গ্ৰন্থমেলা উদযাপন সমিতিয়ে জনোৱা মতে গ্ৰন্থমেলাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে। গ্ৰন্থমেলা-২০২৬ৰ মূল অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি উপস্থিত থকাৰ লগতে মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ দেৱাশিষ শৰ্মাক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। চলিত বৰ্ষৰ নগাঁও গ্ৰন্থমেলাত কেইবালানি বৌদ্ধিক আলোচনা চক্ৰ,লোক সংগীত আৰু লঘু শাস্ত্ৰীয় সংগীতৰ কেইবাখনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *